/asomiyapratidin/media/media_files/2024/12/24/p0ziFcKOdZulvNOUXndb.jpg)
ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত চৰাইমাৰীৰ পূৱ চুবুৰীত কৃষ্ণগুৰুত শৰণ লোৱাৰ অপৰাধতে বছৰ বছৰ ধৰি এঘৰীয়া কৰি ৰখা মৃত চানাৰাম দাসৰ পৰিয়ালৰ কাষত থকাৰ প্ৰতিশ্ৰুতি দিছে চৰাইমাৰীৰ গঞা ৰাইজে ।
উল্লেখ্য যে ধৰ্মীয় উপাসনাৰ পদ্ধতি সলনি কৰি কৃষ্ণগুৰু ধৰ্মত শৰণ লোৱাৰ অপৰাধতে পৰিয়ালটো তিনি দশক ধৰি সামাজিকভাৱে এঘৰীয়া হৈ আছিল । যোৱা ৭ ডিচেম্বৰত পৰিয়ালটোৰ মুৰব্বী চানাৰাম দাসৰ মৃত্যু হোৱাৰ পিচতো এঘৰীয়া হোৱা তথা জৰিমনা বিহাৰ ভয়তে কোনো ওচৰ-চুবুৰীয়া তথা গাঁওখনত থকা চানাৰাম দাসৰ ভাতৃ পৰিয়ালৰ লোকো মৃতদেহ সৎকাৰৰ সময়ত উপস্থিত নাথাকিল ৷
কিন্তু তাহানিৰ সেই নিয়ম নস্যাৎ কৰি বৰ্তমানৰ সমাজখনে আগবাঢ়ি আহিছে পৰিয়ালটোৰ কাষত । মঙলবাৰে চুবুৰীটোৰ সভাপতি প্ৰদীপ কলিতা আৰু স্থানীয় সচেতন যুৱক পুলিন দাসে সংবাদমেল সম্বোধন কৰি ভৱিষ্যতে চানাৰাম দাসৰ পৰিয়ালটোৰ ক্ষেত্ৰত থকা বাধা-নিষেধ তথা জৰিমনা বিহাৰ তথাকথিত নিয়ম প্ৰত্যাহাৰ কৰাৰ লগতে সকলো ভেদ-ভাৱ প্ৰত্যাখ্যান কৰি পূৰ্বৰ দৰেই মিলাপ্ৰীতিৰে জীৱনযাত্ৰা আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ ইয়াকে লৈ সুখী হয় চানাৰাম দাসৰ বৃদ্ধা পত্নী ।