PUBG খেলত বাধা প্ৰদান, গুলীয়াই হত্যা কৰিলে মাতৃক…

PUBG খেলত বাধা প্ৰদান, গুলীয়াই হত্যা কৰিলে মাতৃক…

author-image
asomiyapratidin
New Update
PUBG খেলত বাধা প্ৰদান, গুলীয়াই হত্যা কৰিলে মাতৃক…

ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। ১৬ বছৰীয়া এটি কিশোৰে গুলীয়াই হত্যা কৰে মাতৃক।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনাই যে মহিলা গৰাকীয়ে পুত্ৰক পাবজি খেলাত বাধা প্ৰদান কৰিছিল। যাৰ বাবে মাতৃক হত্যা কৰে পাষাণ পুত্ৰই।

এই ঘটনা বুধবাৰে পোহৰলৈ আহে। আৰক্ষীয়ে জনাই যে পাবজি খেলত আসক্ত আছিল কিশোৰ জন। কিন্তু তেওঁৰ মাতৃয়ে বাধা দিছিল পাবজি খেলাত।যাৰ বাবে পিতৃৰ পিষ্টলেৰে গুলীয়াই হত্যা কৰে মাতক।

উল্লেখ্য যে, কিশোৰ জনে প্ৰায় ৩ দিন ধৰি মাতৃৰ মৃতদেহ কোঠাত লুকুৱাই থৈছিল। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে কিশোৰ গৰাকীক।

আৰু পঢ়ক: নিৰাপত্তাৰক্ষীক আক্ৰমণৰ ব্লু প্ৰিন্ট আলফাৰ! গৃহ মন্ত্ৰ্যালয়ৰ এলাৰ্ট…

lucknow murder uttar pradesh pubg