Advertisment

বাংগালোৰত অনুষ্ঠিত কাৰাটে চেম্পিয়নশ্বিপত মঙলদৈৰ বিশাল কাশ্যপৰ সফলতা

বাংগালোৰৰ পঞ্চতাৰকা হোটেল কেপিটল-পৰাগত আয়োজন কৰা এই কেম্প আৰু প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰদেশৰ দুই শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। য'ত অসমৰ পৰা সাত গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, মঙলদৈঃ  বাংগালোৰত ৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা  ১৯ সংখ্যক জেকেএ ৰাষ্ট্ৰীয় কেৰাটে কেম্প আৰু ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত মঙলদৈৰ সন্তান বিশাল কাশ্যপে সফলতা অৰ্জন কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। মঙলদৈৰ জ্ঞান গুৰুকুল জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ বিশাল কাশ্যপে কাৰাটে প্ৰতিযোগিতাৰ দুটা শাখা ক্ৰমে কুমেটীত সোণৰ আৰু কাটাত ৰূপৰ পদক পাবলৈ সক্ষম হৈছে। 

Advertisment

উল্লেখযোগ্য যে বাংগালোৰৰ পঞ্চতাৰকা হোটেল কেপিটল-পৰাগত আয়োজন কৰা এই কেম্প আৰু প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰদেশৰ দুই শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। য'ত অসমৰ পৰা সাত গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছে ।

কেম্প তথা খেলৰ মুখ্য নিৰ্দেশক হিচাপে সুদূৰ জাপানৰ পৰা আহিছে চেনচাই ডাউচুকে উদাই আৰু নিৰ্দেশক হিচাপে উপস্থিত আছে জেকেএ ভাৰতৰ ৰাষ্ট্ৰীয় নিৰ্দেশক চেনচাই মিলন ত্ৰিবেদী। আনহাতে জেকেএ  অসমৰ ৰাজ্যিক নিৰ্দেশক তপন চন্দ্ৰ ডেকায়ো উক্ত কেম্পৰ দুখন খেলত দুটাকৈ সোণৰ পদক পাবলৈ সক্ষম হৈছে।

বাংগালুৰু কাৰাটে চেম্পিয়নশ্বিপ