/asomiyapratidin/media/media_files/2025/12/30/new-ap-web-11-11-24-new-2-2025-12-30-20-34-32.jpg)
ডিজিটেল ডেস্কঃ সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। ২০২৬ ৰ বিধান সভা নিৰ্বাচনত বৰছলা সমষ্টিত অগপই দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ৷ দলটোৰ বৰছলা সমষ্টি কমিটিৰ বিষয়ববীয়া আৰু সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা সাংগঠনিক সভাত এই প্ৰস্তাৱ গ্ৰহণ কৰে। ইপিনে এই প্ৰস্তাৱ অগপৰ কেন্দ্ৰীয় কমিটিলৈ প্ৰেৰণ কৰা হয় ৷
/asomiyapratidin/media/post_attachments/7dd67f5f-66b.png)
উল্লেখ্য যে, ২০২৬ৰ বিধান সভা নিৰ্বাচনক লক্ষ্য কৰি বৰছলা সমষ্টিত অসম গণ পৰিষদে নিৰ্বাচনকেন্দ্ৰিক কুচকাৱাজ আৰম্ভ কৰিছে ৷ ঠেলামৰা বাপুজী ভৱনত অগপৰ সমষ্টি কমিটিৰ সভাপতি দিলীপ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সাংগঠনিক সভাত অগপৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, অগপৰ শোণিতপুৰ জিলা কমিটিৰ সভাপতি ৰাতুল কুমাৰ নাথ, দলটোৰ জ্যেষ্ঠ নেতা ভাৰত দাস, যুৱ পৰিষদৰ জিলা কমিটিৰ সভাপতি ৰাজেন বৰা, সম্পাদক ভাস্কৰ পটঙ্গীয়া, অসম ছাত্ৰ পৰিষদৰ সম্পাদক জয় বৰা,অগপ শোণিতপুৰ জিলা ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সম্পাদক ৰফিকুল ইছলাম, অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সম্পাদক নোমল দৈমাৰী, ধানমৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য কালাম উদ্দিন উপস্থিত আদিৰ লগতে দুই শতাধিক দলীয় কৰ্মী উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/e07ae330-f9c.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us