/asomiyapratidin/media/media_files/2026/02/22/kjdfjduelkele-2026-02-22-22-56-10.jpg)
ডিজিটেল সংবাদ, ঢেকীয়াজুলি: বৰছলা সমষ্টি গোৰ্খা জাগৰণ মঞ্চৰ উদ্যোগত দেওবাৰে ধিৰাই মাজুলী গাঁৱৰ সমুহীয়া ভৱনত স্বাধীনতা সংগ্ৰামৰ যোদ্ধা, সমাজকৰ্মী প্ৰয়াত গংগা উপাধ্যায়ৰ স্মৃতিত “ভাৰতৰ স্বাধীনতা আন্দোলনৰ ঢেকীয়াজুলিৰ ঘটনা, ছহিদ আৰু মুক্তিযোদ্ধাসকলৰ অৱদান” শীৰ্ষক মনোজ্ঞ বক্তৃতানুষ্ঠান সম্পন্ন হয়৷ দিনৰ ১১.৩০ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে অনুষ্ঠান আৰম্ভ হয়৷ শিঙৰী আঞ্চলিক জ্যেষ্ঠ নাগৰিক সংস্থাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক গোপ বাহাদুৰ থাপাই বন্তি প্ৰজ্বলন কৰে৷
অৱসৰপ্ৰাপ্ত শিক্ষক ইন্দ্ৰপ্ৰসাদ ফয়েলৰ সঞ্চালনাত অনুষ্ঠিত বক্তৃতানুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে বৰছলা সমষ্টি গোৰ্খা জাগৰণ মঞ্চৰ সম্পাদক চন্দন তিমছিনাই৷ শিল্পী সাগৰিকা বৰ্মনে লোকগীত পৰিৱেশন কৰাৰ পিছত বৰছলা সমষ্টি গোৰ্খা জাগৰণ মঞ্চৰ সভাপতি নাৰায়ণ ফয়েলে আদৰণি ভাষণ দিয়ে৷ বক্তৃতানুষ্ঠানটি উদ্বোধন কৰে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড: শুকদেৱ অধিকাৰীয়ে৷
তেওঁ উদ্বোধনী ভাষণত কয়- স্বাধীনতা আন্দোলনৰ ঢেকীয়াজুলিৰ ঘটনাক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ ৷ এই ঘটনাৰ বহুল প্ৰচাৰৰ প্ৰয়োজন আছে৷ স্বাধীনতা আন্দোলনত বিভিন্ন শ্ৰেণীৰ লোক জড়িত আছিল৷ সেইসকলৰ ভিতৰত গংগা উপাধ্যায় অন্যতম আছিল৷ আজি তেখেতৰ স্মৃতিত আয়োজিত বক্তৃতানুষ্ঠানে ঢেকীয়াজুলিৰ ৪২'ৰ ঘটনা গ্ৰাম্যাঞ্চলত প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত অৰিহণা যোগাব বুলি তেওঁ মতপোষণ কৰে৷
অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ চন্দন কুমাৰ শৰ্মাই নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে৷ তেওঁ কয়- ঢেকীয়াজুলিৰ ১৯৪২ৰ ২০ ছেপ্তেম্বৰৰ ঘটনা বিৰল ঘটনা হিচাপে পৰিগণিত হৈছে৷ এই ঘটনা আৰু ছহিদসকলৰ আত্মত্যাগৰ কাহিনীয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গুৰুত্ব পোৱা নাই৷ এয়া অতি পৰিতাপৰ কথা৷ স্বাধীনতা আন্দোলনৰ ঘটনা আৰু ছহিদসকলৰ আত্মত্যাগৰ কাহিনীয়ে প্ৰতিজন ব্যক্তিৰ মনত দেশপ্ৰেমৰ ভাৱনা জাগ্ৰত কৰে৷ ঢেকীয়াজুলিৰ ৪২'ৰ ঘটনাই প্ৰতিজন ব্যক্তিক আকৰ্ষিত কৰে৷
অসমৰ ছাত্ৰ-ছাত্ৰীয়ে এই ঘটনাৰ ওপৰত ভালদৰে অধ্যয়ন কৰিব লাগে৷ উক্ত ঘটনাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপন কৰিবলৈ বহুল প্ৰচাৰ-প্ৰসাৰ আৰু গৱেষণা প্ৰয়োজন আছে৷ অসমৰ লেখক-গৱেষক, সাহিত্যিক-সাংবাদিকসকলোৱে যৌথ প্ৰচেষ্টাৰে ঢেকীয়াজুলিৰ ৪২'ৰ ঘটনাৰ বিষয়ে প্ৰচাৰ কৰিব লাগে আৰু বিভিন্ন ভাষাত গ্ৰন্থ আদি প্ৰকাশ কৰিব লাগে বুলি ড: শৰ্মাই ভাষণত উল্লেখ কৰে৷ তেওঁ পুনৰ কয়- প্ৰতিটো অঞ্চলৰ একো একোটা ইতিহাস থাকে, বিশেষত্ব থাকে৷ কোনোবাই ঢেকীয়াজুলি বুলি কোৱাৰ লগে লগে স্বাধীনতা আন্দোলনৰ লগতে ছহিদ আৰু সংগ্ৰামী সকলৰ কথা মনলৈ আহে৷ এয়াই হ’ল ঢেকীয়াজুলিৰ বিশেষত্ব৷ নৱ-প্ৰজন্মক এই বিষয়ত অধ্যয়ন কৰিবলৈ তেওঁ আহ্বান জনায়৷
তেওঁ পুনৰ কয়- আজিকালি বাতৰি কাকত পঢ়া মানুহৰ সংখ্যা কমিছে৷ সকলোৱে বাতৰি কাকত পঢ়া উচিত৷ আজিকালি একাংশ কাকত আৰু একাংশ চেনেলত বিভিন্ন সময়ত বিভ্ৰান্তকৰ তথ্যৰে বাতৰি পৰিৱেশন কৰা দেখা যায়৷ সেইবোৰ অনুচিত৷ অশুদ্ধ তথ্যই কেতিয়াবা সমাজক বিপথে পৰিচালনা কৰিব পাৰে বুলি তেওঁ মতপোষণ কৰে৷ স্বাধীনতা আন্দোলনৰ ঢেকীয়াজুলিৰ ঘটনাৰ বিষয়ে লৈ গোৰ্খা জাগৰণ মঞ্চই বক্তৃতানুষ্ঠান আয়োজন কৰি ৰাইজক অৱগত কৰিবলৈ লোৱা পদক্ষেপৰ বাবে মঞ্চৰ বিষয়ববীয়া আৰু সদস্যসকলক ড০ শৰ্মাই প্ৰশংসা কৰে৷
অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী মহাবীৰ শেঠিয়া, শিক্ষক-গৱেষক অঞ্জন বাছকোটা, সাংবাদিক মহেন্দ্ৰ কুমাৰ নাথ, ৪২'ৰ ছহিদ আৰু মুক্তিযোদ্ধা স্মৃতি ন্যাসৰ সভাপতি দেৱীচৰণ নেওঁগ, সম্পাদক অনন্ত কুমাৰ নাথ, ছহিদ পৰিয়াল কল্যাণ সমিতিৰ কাৰ্যকৰী সভাপতি উত্তম বৰুৱা, বিশিষ্ট লেখক ৰেৱতীৰমণ সাপকোটা, ঢেকীয়াজুলি জ্যেষ্ঠ নাগৰিক সংস্থাৰ সভাপতি বগীৰাম বড়ো, অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত নৰেশ্বৰ উপাধ্যায়, বয়োজ্যেষ্ঠ ব্যক্তি ৰোহিনী উপাধ্যায়, প্ৰয়াত গংগা উপাধ্যায়ৰ পুত্ৰ হিমসাগৰ উপাধ্যায়, অধ্যাপক দেৱেন সাপকোটা, হামৰো স্বাভিমানৰ সভাপতি নাৰায়ণ খতিওৰা, শোণিতপুৰ জিলা গোৰ্খা সন্মিলনৰ সভাপতি গোকুল বছনেত, ঢেকীয়াজুলি সমষ্টি গোৰ্খা জাগৰণ মঞ্চৰ সভাপতি দেৱীপ্ৰসাদ অধিকাৰী, কাৰ্যকৰী সভাপতি মোহন কুমাৰ ছেত্ৰী, সম্পাদক সঞ্জীৱ উপাধ্যায়, ধিৰাই মাজুলীৰ গাওঁপ্ৰধান চন্দ্ৰশেখৰ ফয়েল, অৱসৰপ্ৰাপ্ত শিক্ষক গোপাল মিশ্ৰ, দল বাহাদুৰ নেৱাৰ, চন্দ্ৰ উপাধ্যায়, ললিত ছেত্ৰী, ৰামচন্দ্ৰ বছনেত, হেমন্ত কুমাৰ ছামলাগাই, ধৰ্মানন্দ পৰাজুলি, সমাজকৰ্মী গনেশ পৌড়েল, শিল্পী নৰ বাহাদুৰ দৰ্জী, হৰিচৰণ বসুমতাৰী, ৰমেশ চুব্বা, শিক্ষক জীৱন গোৰাগাঞী, ৰঞ্জন দাহাল, গনেশ শৰ্মা, চন্দ্ৰকলা দেৱী, মঞ্জু ছাপাগাইৰ লগতে দুই শতাধিক লোক উপস্থিত থাকে৷
অনুষ্ঠানত ধিৰাই মাজুলী শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্যা বিনীতা উপাধ্যায়ে কবিতা পাঠ কৰাৰ লগতে শিল্পী নৰ বাহাদুৰ দৰ্জী, বীৰেণ বৰ্মন, ৰীভা প্ৰধান আৰু ৰিদুস্মিতা দেৱীয়ে গীত পৰিৱেশন কৰে৷ নামবগৰীবাৰীৰ এদল শিল্পীয়ে পৰিৱেশন কৰা বাগৰুম্বা নৃত্য আৰু এদল স্থানীয় শিল্পীয়ে পৰিৱেশন কৰা নেপালী নৃত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ অসমৰ জাতীয় সংগীত পৰিৱেশনৰ পিছত বক্তৃতানুষ্ঠানৰ সামৰণি পৰে৷ অনুষ্ঠান পৰিচালনাৰ ক্ষেত্ৰত গোৰ্খা জাগৰণ মঞ্চৰ টিকেন্দ্ৰ দাহাল, নৰ বাহাদুৰ দৰ্জী, সঞ্জীৱ উপাধ্যায়, টিকেন্দ্ৰ, প্ৰদীপ ফয়েল, জুলু দেৱী, টিনা দেৱী, দেৱেন নিৰোলা আদিয়ে সহযোগ কৰে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us