প্ৰয়াত মুক্তি যুঁজাৰু জিতেন্দ্ৰ নাথ শৰ্মাৰ আৱক্ষ মূৰ্তি আৰু সংগ্ৰহালয় উন্মোচন

প্ৰয়াত মুক্তি যুঁজাৰু শৰ্মাৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি বৰমাৰ নিজ বাসগৃহ প্ৰাংগণত আয়োজন কৰা এক গাম্ভীৰ্যপূণ অনুষ্ঠানত এই কাৰ্যসূচী সুন্দৰভাৱে ৰূপায়ণ কৰা হয়।

author-image
Asomiya Pratidin
New Update
cv

ডিজিটেল সংবাদ,বৰমা: প্ৰবীণ মুক্তি যুঁজাৰু,অসম মুক্তি যুঁজাৰু সন্মিলনৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সমাজকৰ্মী জিতেন্দ্ৰ নাথ শৰ্মাৰ এটি আৱক্ষ মূৰ্তি আৰু বিভিন্ন তথ্য সমৃদ্ধ সংগ্ৰহালয় আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। প্ৰয়াত মুক্তি যুঁজাৰু শৰ্মাৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি বৰমাৰ নিজ বাসগৃহ প্ৰাংগণত আয়োজন কৰা এক গাম্ভীৰ্যপূণ অনুষ্ঠানত এই কাৰ্যসূচী সুন্দৰভাৱে ৰূপায়ণ কৰা হয়।

অৱসৰী শিক্ষক গোবিন্দ চন্দ্ৰ ভাগৱতীয়ে মংগলাচৰণ কৰাৰ লগতে আঁতধৰা অনুষ্ঠানটোত আৱক্ষ মূৰ্তি আৰু সংগ্ৰহালয়টো আনুষ্ঠানিকভাৱে উন্মোচন কৰে বজালী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড০ নৃপেন্দ্ৰ নাথ শৰ্মাই, আৱক্ষ মূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰে বৰমা ছোৱালী  হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষয়িত্ৰী গংগা বড়োই ।

মাল্যাৰ্পণ কৰে প্ৰয়াত শৰ্মাৰ সহধৰ্মিণী উৰ্মিলা দেৱীয়ে। ইয়াৰ পাছত উপস্থিত ৰাইজে পুষ্পাঞ্জলি অৰ্পণ কৰে। অনুষ্ঠানটোত বৰমা অঞ্চলৰ ভালে সংখ্যক অনুষ্ঠান সংগঠনৰ মুৰব্বী আৰু স্থানীয় লোকে অংশগ্ৰহণ কৰে।

বৰমা