বৰখলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্থানান্তৰৰ বিৰুদ্ধে সৰৱ বৰখলাবাসী

কাছাৰ জিলাৰ বৰখলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ তাপাঙৰ চিবিটাবিছিয়া এম জি মডেল হাস্পাতালয়লৈ স্থানান্তৰিত কৰিবলৈ জাৰি কৰা জাননীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বৰখলাবাসী।

author-image
Asomiya Pratidin
New Update
বৰখলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্থানান্তৰৰ বিৰুদ্ধে সৰৱ বৰখলাবাসী

ডিজিটেল সংবাদ শিলচৰঃ কাছাৰ জিলাৰ বৰখলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ তাপাঙৰ চিবিটাবিছিয়া এম জি মডেল হাস্পাতালয়লৈ স্থানান্তৰিত কৰিবলৈ জাৰি কৰা জাননীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বৰখলাবাসী। চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰিলে বিভিন্ন আন্দোলনৰ লগতে আদালতৰ দ্বাৰস্থ হ'ব বুলি চৰকাৰক সকীয়নি প্ৰদান কৰিছে বৃহত্তৰ বৰখলাৰ জন সাধাৰণে। 

Advertisment

বৰখলাত আয়োজিত এক ৰাজহুৱা প্ৰতিবাদী সভাত চৰকাৰৰ এনে হঠকৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈছে বৰখলাৰ নাগৰিক সমাজ।‌বৰখলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক তাপাং এলেকাত থকা চিবিটাবিছিয়া মহাত্মা গান্ধী মডেল হাস্পাতাললৈ স্থানান্তৰিত কৰাৰ বাবে যোৱা ৪ জুনত চৰকাৰী জাননী জাৰি কৰিছিল ৰাজ্যৰ  স্বাস্থ্য বিভাগে।

এই খবৰ বিয়পি পৰাৰ‌ পিছতে বৰখলা সমষ্টিৰ ৰাইজ ক্ষোভিত হৈ পৰে।‌ অতি পুৰণি বৰখলাৰ একমাত্ৰ চিকিৎসালয়খন ২০ কিলোমিটাৰ দূৰৰ চিবিটাবিছিয়া মডেল হাস্পাতাললৈ স্থানান্তৰিত কৰাৰ বাবে জাৰি কৰা জাননীৰ বিৰুদ্ধে প্রতিবাদমুখৰ হৈ পৰিছে বৰখলাবাসী।

বৰখলাত আয়োজিত এক প্ৰতিবাদী সভাত চিকিৎসালয়খন স্থানান্তৰ কৰিবলৈ উঠি পৰি লগা চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বৰখলাৰ জনগণ। ১৯৭০ চনত স্থাপন কৰা বৰখলা হাস্পাতাল স্থানান্তৰ কৰা কাৰ্য কোনোপধ্যেই মানি লোৱা নহ’ব বুলি চৰকাৰক স্পষ্ট কৰি দিয়ে বৰখলাবাসীয়ে।‌

তেওঁলোকে কয়, প্ৰয়োজন হ’লে আদালতৰ দ্বাৰস্থ হ'ব। তথাপিও হাস্পাতাল চিবিটাবিছিয়ালৈ স্থানান্তৰিত কৰিবলৈ দিয়া নহ’ব বুলি চৰকাৰক সকীয়াই দিয়ে বৰখলাৰ নাগৰিক সমাজে।

বৰখলা