বুধবাৰৰ পৰা পাঁচ দিনীয়াকৈ চতুৰ্দশ বৰহোলা গ্ৰন্থমেলা...

বুধবাৰৰ পৰা পাঁচ দিনীয়াকৈ চতুৰ্দশ বৰহোলা গ্ৰন্থমেলা...

author-image
Asomiya Pratidin
New Update
বুধবাৰৰ পৰা পাঁচ দিনীয়াকৈ চতুৰ্দশ বৰহোলা গ্ৰন্থমেলা...

বুধবাৰৰ পৰা পাঁচ দিনীয়াকৈ চতুৰ্দশ বৰহোলা গ্ৰন্থমেলা...

ডিজিটেল সংবাদ বেকাজানঃ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰহোলা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৰহোলা মহাবিদ্যালয়ৰ পুথিভঁৰাল সহযোগত বুধবাৰৰ পৰা ২৩ জানুৱাৰীলৈ পাঁচ দিনীয়াকৈ অনুষ্ঠিত হ'ব চতুৰ্দশ বৰহোলা গ্ৰন্থমেলা। বৰহোলা মহাবিদ্যালয়ৰ প্ৰাংগনত পাঁচদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই বৰহোলা গ্ৰন্থমেলাৰ সন্দৰ্ভত উদযাপন সমিতিৰ সভাপতি-সম্পাদকে জানিবলৈ দিয়ামতে,পুৱা বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰহোলা আঞ্চলিক সমিতিৰ সভাপতি দেৱজিৎ পাঠক আৰু উদযাপন সমিতিৰ সভাপতি বুদ্ধিন্দ্ৰনাথ হাজৰিকাই পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ হ'ব।

Advertisment

উক্ত দিনাই পুৱা ১১ বজাত দ্বাদশ বৰ্ষ বৰহোলা গ্ৰন্থমেলাৰ দ্বাৰ উদ্বোধন কৰিব তিতাবৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই। ইয়াৰ পিছতে গ্ৰন্থ উন্মোচনী সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি গ্ৰন্থ উন্মোচন কৰিব বিশিষ্ট নাৰীবাদী লেখিকা সুমিত্ৰা হাজৰিকাই আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী।

সন্ধিয়া চতুৰ্দশ বৰহোলা গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা মুখপত্ৰ 'দলং' উন্মোচন কৰা লগতে বৰহোলা কবি সন্মিলনৰ উদ্যোগত 'কবিতাৰে জীপাল হওক গ্ৰন্থমেলাৰ বাকৰি শীৰ্ষক কবিতাৰ অনুষ্ঠান হ'ব ।আনহাতে ১৯ জানুৱাৰীত ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে নেওতা, সাধু কোৱা, পাঠ পঢ়া প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

২০ জানুৱাৰীত সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা । ২১ জানুৱাৰীত নগাবাট জাতীয় বিদ্যালয়, বি কে একাডেমী আৰু তিতাবৰ প্ৰাগজ্যোতিকা শিক্ষানুষ্ঠানৰ বিচিত্ৰা অনুষ্ঠান আছে । ২২ জানুৱাৰীত পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব জ্যোতি সংগীত, পাৰ্বতী সংগীত আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা।

আনহাতে ২৩ জানুৱাৰীত বেকাজান জাতীয় বিদ্যালয়ৰ বিচিত্ৰ সাংস্কৃতিক অনুষ্ঠান আৰু দুপৰীয়া উদযাপন সমিতিৰ সভাপতি বুদ্ধিন্দ্ৰনাথ হাজৰিকাৰ সভাপতিত্বত বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব। সন্ধিয়ালৈ আছে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান।

প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ ৮৬৩৮০০২৩০৭, ৯১০১১০৭২৮৮ আৰু ৯১০১৩৪৩৬৪০ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহবান জনাইছে ।

ক্লিক কৰি পঢ়কঃ 'বিদুৰভাই' Supremacy : 'বিদুৰগীত'ত নৃত্য কিলি প'লৰ...

Borhula Book Fair