/asomiyapratidin/media/media_files/2025/02/10/VJqnmrvQ6jsWd9fhThVR.jpg)
ডিজিটেল সংবাদ,ঘিলাধাৰীঃ বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসপ্ৰাপ্ত অধ্যক্ষ থানু শইকীয়া আৰু মাখনী বৰাৰ একমাত্ৰ কন্যা প্ৰয়াত ড° বিষ্ণুপ্ৰিয়া শইকীয়া সোঁৱৰণত পৰিয়ালে উৎৰ্সগা কৰা বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটি ভৱন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় ৷
অনুষ্ঠানত প্ৰয়াত ড° বিষ্ণুপ্ৰিয়া শইকীয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ,বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পন কৰা পিছতে প্ৰায় ১২ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উদ্বোধন কৰা ড° বিষ্ণুপ্ৰিয়া শইকীয়া স্মৃতি ভৱনটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে সমগ্ৰ শিক্ষাৰ যোৰহাট জিলা আঁচনি বিষয়া পৰশ গোস্বামীয়ে ৷
ইয়াৰ পিছতে নৱনিৰ্মিত ভৱনত অনুষ্ঠিত হোৱা সভাত প্ৰয়াত ছাত্ৰী গৰাকীৰ স্বৰচিত কবিতা পুথি কবিতা কোঁহে কোঁহে উন্মোচন কৰে বিশিষ্ট বিজ্ঞানী শান্তনু তামূলীয়ে ৷ অনুষ্ঠানত বহুকেইজন শিক্ষাবিদ,সমাজকৰ্মী লগতে ভালেসংখ্যক লোক উপস্থিত থাকে ৷