/asomiyapratidin/media/media_files/2025/01/13/JSi9866tROi80L0hxJ2Z.jpg)
ডিজিটেল সংবাদ,ঘিলাধাৰী: ভোগালী বিহুৰ আনন্দ উল্লাসৰ মাজতে বৰহোলা নাগিনীজুৰিত নিশা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত গুৰুতৰভাৱে আহত মহিলাসহ দুই কিশোৰী ৷ গাঁওখনৰ কণ চুতীয়াৰ বাসগৃহত চিলিণ্ডাৰৰ বিস্ফোৰণৰ ফলত কণ চুতীয়াৰ পত্নী মামণি চুতীয়া( ৪০) আৰু তেওঁৰ জী নৱনিকা চুতীয়া (১৪), ভটিজাক সুমিত্ৰা চুতীয়া(১৫)ক সংকটজনক অৱস্থাত ঘটনাস্থলীৰ পৰা স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লগে লগে তেওঁলোকক এম্বোলেন্সৰ জৰিয়তে প্ৰথমে বৰহোলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ কাৰণে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷