AJYCP ৰ যোৰহাট জিলা সমিতিৰ সাংগঠনিক সম্পাদকৰ বাসগৃহত নিশা আৰক্ষীৰ তালাচী

সংগঠনটোৰ সাংগঠনিক সম্পাদক বিজু শইকীয়াই অবৈধ মাৰণাস্ত্ৰ লগত ৰখাৰ সন্দেহত আৰক্ষীয়ে তালাচী চলোৱা বুলি জানিব পৰা গৈছে ৷ আৰক্ষী দলটোৱে ঘৰৰ ভিতৰত তলাচী চলাই যদিও কোনো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল ৷

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1 বৰহোলা

ডিজিটেল সংবাদ,ঘিলাধাৰীঃ  বৰহোলা আৰক্ষী থানাৰ অন্তৰ্গত ২ নং কাকডোঙাৰ ১৪ নং ব্লকৰ নিবাসী প্ৰয়াত গুণীন শইকীয়াৰ পুত্ৰ তথা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,যোৰহাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক বিজু শইকীয়াৰ বাসগৃহত কালি নিশা ১১:৩০ বজাত যোৰহাট জিলা এগৰাকী উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত  বৰহোলা আৰু বেকাজান আৰক্ষী নেতৃত্বত যোৱা এটা আৰক্ষী দলে তালাচী চলায় ৷

Advertisment

সংগঠনটোৰ সাংগঠনিক সম্পাদক বিজু শইকীয়াই অবৈধ মাৰণাস্ত্ৰ লগত ৰখাৰ সন্দেহত আৰক্ষীয়ে তালাচী চলোৱা বুলি জানিব পৰা গৈছে ৷ আৰক্ষী দলটোৱে ঘৰৰ ভিতৰত তলাচী চলাই যদিও কোনো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল ৷

ইফালে নিশা এনেদৰে অকৰ্তৃত্বশীলভাৱে আৰক্ষীয়ে তালাচী চলোৱাক লৈ  তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজু শইকীয়াৰ লগতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে ৷ তেওঁলোকে আৰক্ষীৰ ওপৰত অভিযোগ উত্থাপন কৰি কয় যে নিশা অকৰ্তৃত্বশীলভাৱে ঘৰত প্ৰৱেশ কৰি পৰিয়ালক হাৰাশাস্তি আৰু মানসিক নিৰ্যাতন চলাই ৷

বিজু শইকীয়াই মহিলা আৰক্ষী সৈতে বাৰ্তালাপ কৰি থকা সময়ত ঘৰৰ ভিতৰত পুৰুষ আৰক্ষী পিছদুৱাৰেদি প্ৰৱেশ কৰাৰ চেষ্টা চলায় আৰু যি সময়ত তেওঁ মাতৃ ঘৰৰ ভিতৰত অকলশৰে শুই থকা থকা বুলি অভিযোগ উত্থাপন কৰিছে ৷ ইয়াকে লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ কিয়নো সেই ২০২১ চনত বৰহোলাত জয়ন্ত বৰা নামৰ এজন যুৱকক অসম আৰক্ষী আৰু সেনাবাহিনীয়ে ঘৰৰ পৰাই উঠাই আনি নিৰ্মমভাৱে হত্যা কৰা অভিযোগ উত্থাপন হৈছিল ৷ 

যিটো হত্যাকাণ্ড আজি পৰ্যন্ত পৰিয়ালে ন্যায় নাপালে ৷ গতিকে সেই একেই স্পৰ্শকাতৰ স্থানতে পুনৰ সামাজিকভাৱে জড়িত এগৰাকী যুৱকক হাৰাশাস্তি কৰা লগতে মানসিক নিৰ্যাতন চলাই তেওঁৰ লগতে সংগঠনটোৰ ভাৱমূৰ্ত্তি ম্লান কৰিবলৈ বিচৰা কাৰ্যক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ যোগেদি যোৰহাট জিলা আৰক্ষী অধীক্ষকলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰি জিলা আৰক্ষী অধীক্ষকক ৭ জুনৰ ঘটনাৰ উচিত তদন্ত দাবী জনাইছে ৷

ajycp বৰহোলা