/asomiyapratidin/media/media_files/2025/01/30/3UvvXLUY6hr3DQqX4ygR.jpg)
বাক্সাৰ জুলি মৈদানত বৰদলৈ ট্ৰফী
ডিজিটেল সংবাদ, বাক্সা : অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, গুৱাহাটী ক্ৰীড়া সন্থা আৰু জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত বাক্সা জিলাৰ বৰমাৰ কালজাৰ জুলি মৈদান ষ্টেডিয়ামত চলি আছে ২০সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী,২০২৫ ফুটবল প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ বাক্সা জিলা ভিত্তিক ফুটবল খেলখনত বৰমা ইউনাইটেড এফচি দলে মংগলীয়ান স্পৰ্টছ ক্লাবক ৯-১ গলত পৰাস্ত কৰে।
/asomiyapratidin/media/media_files/2025/01/30/nD2cnYKIKHxbzABAgYRn.jpg)
একেদৰে সুৱণখাটাৰ নৰ্থ ইষ্ট ক্লাবে বাক্সা ভিএচএ দলক ৪-১ গলত পৰাস্ত কৰে । খেলখন পৰিচালনা কৰে ক্ৰমে পৱন বসুমতাৰী, ৰিনদাও বসুমতাৰী, টিকেন্দ্ৰজিত বড়ো আৰু জোংছাৰ বসুমতাৰীয়ে ।
/asomiyapratidin/media/media_files/2025/01/30/ljEvjkjj8zWYDzdD3eU8.jpg)
ইফালে শুকুৰবাৰৰ খেলখনত পুৱাৰ ভাগত মুছলপুৰ ইয়াং এলেভেন ক্লাব আৰু ডুমনি স্পৰ্টছ ক্লাবৰ মাজত আৰু আবেলি আঞ্চলিক নিউ ভাস্কৰ ক্লাব আৰু শালবাৰীৰ ৰেবেল ইউনাইটেড এফ চিৰ মাজত মাজত অনুষ্ঠিত হ'ব।