ডিজিটেল ডেস্ক : অষ্ট্ৰেলিয়া তথা ভাৰত উভয় দলৰে বেগী বলাৰসকলে আধিপত্য বিস্তাৰ কৰিছে ছিডনীত। বলিংবান্ধৱ পিটছত পৰিণত হৈছে ছিডনী ক্ৰিকেট গ্ৰাউণ্ড ।
ব’ৰ্ডাৰ- গাভাস্কাৰ ট্ৰফীৰ পঞ্চম তথা অন্তিমখন মেচত সফলতা লাভ কৰিছে দুয়োটা দলৰে পেচ বলাৰসকলে। শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা মেচখনত টছত জয়ী হৈ পোনতে বেট ধৰে টীম ইণ্ডিয়াই। অৱশ্যে টছত জয়ী হ’লেও প্ৰথম ইনিংছত বৃহৎ স্ক’ৰ থিয় কৰোৱাত ব্যৰ্থ হয় বেটাৰসকল।
অষ্ট্ৰেলিয়াৰ পেচ আক্ৰমণত তিষ্ঠিত নোৱাৰি দিশহাৰা হৈ পৰে ভাৰতীয় বেটাৰসকল। কোনো এগৰাকী বেটছমেনে দীঘলীয়া ইনিংছ খেলিব নোৱাৰিলে। বেটিং ব্যৰ্থতাৰ ধাৰাবাহিকতা অৱ্যাহত থকা বিৰাট কোহলিয়ে মাত্ৰ ১৭ ৰান কৰিয়েই স্কট ব’লেণ্ডৰ চিকাৰ হয়।
একেদৰে জয়ছোৱাল ১০, কে এল ৰাহুল ৪, ৰবীন্দ্ৰ জাডেজাই কৰে মাত্ৰ ২৬ ৰান। ৰোহিত শৰ্মাৰ স্থানত খেলিবলৈ সুযোগ পোৱা শুভমন গীলেও সুযোগৰ সদ্ব্যৱহাৰ কৰাত ব্যৰ্থ হয়। গীলৰ বৰঙণি মাত্ৰ ২০ ৰান।
ইফালে শতৰানেৰে দৰ্শকৰ মন জয় কৰা নবীন ক্ৰিকেটাৰ নিতীশ কুমাৰ ৰেড্ডীৰ অৱদান শূন্য। অৱশ্যে তুলনামূলকভাৱে ঋষভ পণ্ট ২০ আৰু শেষৰ ফালে অধিনায়ক বুমৰাহে ২২ ৰান সংগ্ৰহ কৰি দলৰ স্ক’ৰ ১৮৫লৈ বৃদ্ধি কৰে।
ইফালে আলহী দল ভাৰতৰ প্ৰথম ইনিংছ সমাপ্তিৰ পাছত ঘৰুৱা দল অষ্ট্ৰেলিয়াই বেট ধৰি একে পৰিস্থিতিৰ সন্মুখীন হয়। মেচৰ দ্বিতীয় দিনৰ দ্বিতীয় সত্ৰত ভাৰতীয় পেচ আক্ৰমণত ১৩৮ ৰানতে হেৰুৱাই ৬টা উইকেট। বাতৰি লিখা পৰলৈকে বুমৰাহ, ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই দখল কৰিছে ২টাকৈ উইকেট।