Advertisment

বুমৰাহ, ৰাহুল, জয়ছোৱালৰ সন্মুখত দিশহাৰা অষ্ট্ৰেলিয়া...

এছেজকো যেন অতিক্ৰম কৰিলে ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীয়ে। প্ৰথম টেষ্টত ৰোহিত শৰ্মাৰ অনুপস্থিতিত বেগী বলাৰ যশপ্ৰীত বুমৰাহৰ নেতৃত্বত ভাৰতীয় দলটোৱে দাঙি ধৰা প্ৰদৰ্শনত মন্ত্ৰমুগ্ধ হৈ পৰিছে বিশ্বৰ ক্ৰিকেট অনুৰাগী। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
টেষ্ট ক্ৰিকেট

ডিজিটেল ডেস্কঃ এছেজকো যেন অতিক্ৰম কৰিলে ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীয়ে। প্ৰথম টেষ্টত ৰোহিত শৰ্মাৰ অনুপস্থিতিত বেগী বলাৰ যশপ্ৰীত বুমৰাহৰ নেতৃত্বত ভাৰতীয় দলটোৱে দাঙি ধৰা প্ৰদৰ্শনত মন্ত্ৰমুগ্ধ হৈ পৰিছে বিশ্বৰ ক্ৰিকেট অনুৰাগী। 

Advertisment

টেষ্টখনৰ প্ৰথম দিনটোত যিদৰে বিশ্বৰ ক্ৰিকেট ফেটাৰনেটিয়ে যশপ্ৰীত বুমৰাহক পুনৰ এবাৰ এই সময়ৰ শ্ৰেষ্ঠ বুলি একেমুখে স্বীকাৰ কৰিবলৈ বাধ্য হ’ল ঠিক সেই দৰেই দ্বিতীয় দিনটোত আৰম্ভ হোৱা দ্বিতীয় ইনিংছত যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুল হৈ পৰিলে চৰ্চাৰ অন্যতম বিষয়।

বিশেষকৈ কে এল ৰাহুলক বহুতৰ বাবেই হৈ পৰিল আকৰ্ষণৰ কাৰণ। কেইদিন মানৰ আগতে নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দল বিপৰ্যয়ৰ সন্মুখীন হোৱাত কে এল ৰাহুলেই তাৰ পৰিণাম ভূগিবলগীয়া হৈছিল। বাদ পৰিছিল দলৰ পৰা।

অষ্ট্ৰেলিয়াৰ মাটিত সেই ৰাহুলেই এতিয়া ভাৰতৰ মূল ভৰসা। ৰোহিত শৰ্মাৰ অনুপস্থিতিত জয়ছোৱালৰ সৈতে অপেনিং কৰিবলৈ আহি ৰাহুলে খেলিলে অৰ্ধশতকীয় ইনিংছ। ৰাহুল আৰু জয়ছোৱালৰ সন্মুখত একপ্ৰকাৰে দিশহাৰা হৈ পৰিছে অষ্ট্ৰেলিয়াৰ বলাৰসকল।

অষ্ট্ৰেলিয়া দলটোৰ বেগী বলাৰৰ সন্মুখত প্ৰথম ইনিংছত ভাৰতীয় দলটোৰ বেটিং বিপৰ্যয় চিন্তাৰ কাৰণ হৈ পৰিছিল। অৱশ্যে অধিনায়ক বুমৰাহে ভাৰতীয় দলটোৰ এনে বেটিং বিপৰ্যয়ৰ পাছতো এটা মুহূৰ্তৰ বাবেও চাপত থাকিবলৈ নিদিলে।

ভাৰতে মাত্ৰ ১৫০ ৰাণতে প্ৰথম ইনিংছত সামৰাৰ পিছত অষ্ট্ৰেলিয়াই বেটিং কৰিবলৈ আহি প্ৰথম দিনটোতে ৭ উইকেট হেৰুওৱাৰ পাছত দ্বিতীয় দিনটোত অৱশিষ্ট ৩ উইকেট হেৰুৱাই ১০৪ ৰাণতে ইনিংছ সামৰে। ঘৰুৱা দলটোৰ অৱস্থা আৰু সূচনীয় হ’ল হয় যদিহে, অন্তিম উইকেটত হেজেলহুডক লগত লৈ মিচেল ষ্টাৰ্কে ২৫ ৰাণৰ পাৰ্টনাৰ্শ্বিপ গঢ়ি নুতুলিলে হয়।

প্ৰথম ইনিংছত অধিনায়ক যশপ্ৰীত বুমৰাহে ১৮ অভাৰ বল কৰি ৬ অভাৰ মেইডেনসহ ৫ টা উইকেট দখল কৰিলে। তেওঁ ব্যয় কৰিলে মাত্ৰ ৩০ ৰাণ। ইকনমি ১.৬৭।

বুমৰাহক যোগ্য সহযোগিতা আগবঢ়ালে মহম্মদ ছিৰাজ আৰু হৰ্ষিত ৰাণায়েও। ছিৰাজে ১৩ অভাৰ বল কৰি ৭ অভাৰেই মেইডেনসহ ২ টা উইকেট লাভ কৰে। তেওঁ ব্যয় কৰে ২০ ৰাণ। ইকনমি ১.৫৪।

হাৰ্ষিত ৰাণাই ১৫.২ অভাৰ বল কৰি ৩ অভাৰ মেইডেনসহ ৩ টা উইকেট লাভ কৰে। তেওঁ ব্যয় কৰে ৪৮ ৰাণ। ইকনমি ৩.১৩। নীতিশ কুমাৰ ৰেড্ডী আৰু ৱাশ্বিংটন সুন্দৰে ক্ৰমে ৩ আৰু ২ অভাৰ বল কৰে।

ইয়াৰ পিছত টেষ্টখনৰ দ্বিতীয় দিনটোতে আৰম্ভ হোৱা দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ আহি ভাৰতীয় অপেনাৰদ্বয় হৈ পৰিল অষ্ট্ৰেলিয়াৰ বলাৰসকলৰ মূৰৰ কামোৰণি। যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুল উইকেটত হৈ পৰিল দুখন দেৱাল সদৃশ।

দ্বিতীয় দিনটোত ভাৰতে ৫৭ অভাৰ বেটিং কৰি এটাও উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰিলে ১৭২ ৰাণ। দিনান্তত জয়ছোৱালে ৯০ আৰু কে এল ৰাহুলে ৬২ ৰাণ কৰি অপৰাজিত হৈ আছে। ভাৰতীয় দলটোৰ এনে প্ৰদৰ্শনে প্ৰথম টেষ্টখনত ভাৰতকে ফেভাৰিট কৰি তুলিছে।  

 

যশস্বী জয়ছোৱাল ক্ৰিকেট যশপ্ৰীত বুমৰাহ কে এল ৰাহুল