বৰবৰুৱাৰ যুৱক সন্ধানহীনঃ এজাহাৰ দাখিল

বৰ্তমানলৈ পৰিয়ালৰ লগত কোনো সংযোগ নোহোৱাৰ ফলত এই সন্দৰ্ভত বৰবৰুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সন্ধানহীন নিপু সোণোৱালৰ পিতৃ হৰি সোণোৱালৰ।

author-image
Asomiya Pratidin
New Update
w

ডিজিটেল সংবাদ,বৰবৰুৱাৰঃ বৰবৰুৱাৰ অন্তৰ্গত দুলিয়া গাঁৱৰ পৰা সন্ধানহীন এজন যুৱক। সন্ধানহীন যুৱকজন ৩৭ বছৰীয়া খনিন (নিপু)সোণোৱাল বুলি জানিব পৰা গৈছে। শনিবাৰে সন্ধিয়া ফুৰিবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা পাছৰে পৰা সন্ধান নাই নিপু সোণোৱালৰ।

বৰ্তমানলৈ পৰিয়ালৰ লগত কোনো সংযোগ নোহোৱাৰ ফলত এই সন্দৰ্ভত বৰবৰুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সন্ধানহীন নিপু সোণোৱালৰ পিতৃ হৰি সোণোৱালৰ। উল্লেখ্য যে, AS23Q3953 নম্বৰৰ এখন গ্লেমাৰ বাইক লৈ ওলাই গৈছিল নিপু সোণোৱাল।

বৰবৰুৱা