/asomiyapratidin/media/media_files/2025/02/15/z8u13YbbJEXbRnifZeQa.jpg)
ডিজিটেল সংবাদ,শিলচৰ: বৰাকৰ খিলঞ্জীয়া লোক সকলক অসম চুক্তিৰ ৬ নং দফাৰ অন্তৰ্ভুক্ত কৰিবলৈ উত্থাপন কৰি অহা দাবীৰ প্ৰতি এইবাৰ সঁহাৰি জনাইছে সদৌ অসম ছাত্ৰ সন্থাই। বৰাক উপত্যকা সহ সমগ্ৰ অসমৰ খিলঞ্জীয়া লোকৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে, অসম চুক্তিৰ ৬ নং দফাৰ জৰিয়তে ৰক্ষা কৱচ প্ৰদান কৰা দাবীত আছু আজিও অটল।
দেওবাৰে এই বিষয়টো পুনৰ ৰাজ্য চৰকাৰৰ ওচৰত উত্থাপন কৰিব সদৌ অসম ছাত্ৰ সন্থাই। সাংগঠনিক কামত ৩ দিনীয়া কাৰ্যসূচীৰে বৰাক উপত্যকালৈ অহা আছুৰ কেন্দ্ৰীয় সমিতিৰ এক প্ৰতিনিধি দলে শনিবাৰে শিলচৰত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে।
বৰাকৰ কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাৰ আছু সংগঠনৰ ভেটি মজবুত কৰিবলৈ বৃহস্পতিবাৰে বৰাকত উপস্থিত হৈছিল আছুৰ কেন্দ্ৰীয় সমিতিৰ পাচ জনীয়া এটি প্ৰতিনিধি দল। উপ সভাপতি অভিৱৰ্তন গোস্বামীৰ নেতৃত্বত শিক্ষা সম্পাদক তুতুমনি কলিতা সহ পাচ জনীয়া প্ৰতিনিধি দলটোৱে শ্ৰীভূমি, হাইলাকান্দি আৰু কাছাৰ জিলাৰ আছু সমিতিৰ নেতৃবৰ্গৰ সৈতে তিনিখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত কৰে।
বৰাকত ছাত্ৰ সংগঠনটোক শক্তিশালী কৰাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই সভাৰ। অন্তিম দিনা শনিবাৰে শিলচৰত কাছাৰ জিলা সমিতিৰ বিষয় ববীয়া সকলৰ সৈতে অনুষ্ঠিত হয় সাংগঠনিক সভা। সভাৰ শেষত শিলচৰ আৱৰ্ত ভৱনত আয়োজিত এক সংবাদ মেলত বৰাকৰ খিলঞ্জীয়া লোক সকলক অসম চুক্তিৰ ৬ নং দফাৰ অন্তৰ্ভুক্ত কৰিবলৈ দেওবাৰে অসম চৰকাৰৰ সৈতে অনুষ্ঠিত হ'ব লগা আছুৰ বৈঠকত বিষয়টো উত্থাপন কৰা হ'ব বুলি সদৰী কৰে আছুৰ উপ সভাপতি অভিৱৰ্তন গোস্বামী আৰু শিক্ষা সম্পাদক তুতুমনি কলিতাই।
আছুৰ অন্যতম উপ সভাপতি অভিৱৰ্তন গোস্বামীয়ে কয় যে বৰাকত আছুৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে তিনিও খন জিলাত কেইবাখনো সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। জিলা আৰু আঞ্চলিক পৰ্যায়ৰ আটাইকেইখন সমিতিৰ বিষয় ববীয়া সকল এই সভাত অংশগ্ৰহণ কৰে। বিশেষকৈ, ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক বিষয় ক'লা সংস্কৃতি আদি বিভিন্ন বিষয়ক লৈ নতুন নতুন পৰিকল্পনা বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি সদৰী কৰে।
ইফালে, আছুৰ শিক্ষা সম্পাদক তুতুমনি কলিতাই কয়, বৰাকত আছুৰ ভেটি শক্তিশালী কৰাৰ লগতে ছাত্ৰ সংগঠনটোৰ বাবে কেইবাটাও পৰিকল্পনা যুগুত কৰা হয়। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আছু নেতা জনে পুনৰ দোহাৰে যে সমগ্ৰ অসমৰ খিলঞ্জীয়া লোকৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে, অসম চুক্তিৰ ৬ নং দফাৰ জৰিয়তে ৰক্ষা কৱচ প্ৰদান কৰা দাবীত আছু আজিও অটল।
বৰাকৰ খিলঞ্জীয়া লোক সকলকো অসম চুক্তিৰ ৬ নং দফাৰ অন্তৰ্ভুক্ত কৰাৰ বাবে আছুৱে প্ৰথমাৱস্থাৰ পৰাই চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে, ভৱিষ্যতেও এই দাবী অব্যাহত থাকিব। অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ সমিতি খনে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈ খিলঞ্জীয়া লোকৰ সুৰক্ষিত ভবিষ্যতৰ বাবে ৰাইজৰ মতামত গ্ৰহণ কৰিছে।
এই ৬ নং দফা কাৰ্যকৰী কৰিবলৈ ইতিমধ্যে চৰকাৰে কাম আৰম্ভ কৰিছে। আছুৰ সৈতে প্ৰথম লানি আলোচনাও সম্পন্ন হৈছে। কাইলৈ দেওবাৰে পুনৰ ৰাজ্য চৰকাৰৰ সৈতে আছুৰ দ্বিতীয় লানি আলোচনা অনুষ্ঠিত হ'ব। এই বৈঠকত পুনৰ ৰাজ্যৰ খিলঞ্জীয়া লোকৰ সুৰক্ষিত ভবিষ্যতৰ বাবে, অসম চুক্তিৰ ৬ নং দফাৰ জৰিয়তে ৰক্ষা কৱচ প্ৰদান কৰাৰ দাবী উত্থাপন কৰা হ'ব বুলি স্পষ্ট কৰি দিয়ে আছু নেতা তুতুমনি কলিতাই। সংবাদ মেলত আছুৰ কাছাৰ জিলাৰ সমিতিৰ সভাপতি কৃষ্ণ মোহন সিংহ, প্ৰাক্তন আছু নেতা আইনুল হক চৌধুৰী সহ বৰাকৰ তিনিও খন জিলাৰ নেতৃ বৰ্গ উপস্থিত আছিল।