ভাৰতীয় বায়ুসেনাৰ শক্তি বৃদ্ধিৰ লক্ষ্য : উইং চেট যোগানৰ দায়িত্ব হিন্দুস্তান এৰ’নেক্সক

ভাৰতীয় বায়ু প্ৰতিৰক্ষাৰ শক্তি বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। সেই অনুসৰি ভাৰতৰ বিমান প্ৰতিৰক্ষাক আৰু অধিক শক্তিশালী কৰাৰ বাবে হিন্দুস্তান এৰ’নেক্স...

author-image
Asomiya Pratidin
New Update
AP FOR WEB tejash

ডিজিটেল ডেস্ক : ভাৰতীয় বায়ু প্ৰতিৰক্ষাৰ শক্তি বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। সেই অনুসৰি ভাৰতৰ বিমান প্ৰতিৰক্ষাক আৰু অধিক শক্তিশালী কৰাৰ বাবে হিন্দুস্তান এৰ’নেক্স চমুকৈ এইছ এ এলক তেজছ ১- এৰ বাবে কেতবোৰ দায়িত্ব প্ৰদান কৰা হৈছে। 

Advertisment

লাইট কম্বেট এয়াক্ৰাফ্ট তেজছৰ বাবে সংস্থাটোক বছৰি চাৰিটা উইং চেট যোগানৰ বাবে দায়িত্ব দিয়া হৈছে। তাৰোপৰি অটোমেচনৰ জৰিয়তে হিন্দুস্তান এৰ’নেক্সক ১২ টালৈ উইং চেট বৃদ্ধি কৰা বাবে আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে। 
 

উল্লেখযোগ্য যে, উইং চেট হৈছে যুঁজাৰু বিমানৰ এক গুৰুত্বপূৰ্ণ অংশ বিশেষ। ইয়াৰ দ্বাৰা যুঁজাৰু বিমান এখনে অধিক গতিত যুঁজ দিয়াৰ সামৰ্থ গোটাব পাৰে।

তেজছ বিমানৰ অধিক উন্নতকৰণে দেশৰ বায়ুসেনাক শক্তি বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। মেক ইন ইণ্ডিয়া তথা আত্মনিৰ্ভৰ ভাৰতৰ অধীনতে এই কাম সম্পন্ন কৰিব সংস্থাটোৱে।

air force