পুৰণিগুদাম আৰু চামগুৰি মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক কিতাপ উপহাৰ…

সৰস্বতী পূজা উপলক্ষে নগাঁও জিলাৰ পুৰণিগুদাম ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় আৰু চামগুৰি মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ হাতত একোখনকৈ কিতাপ তুলি দি কিতাপৰ উৎসৱ পালন কৰে পুৰণিগুদাম কবি সন্মিলনে। 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,নগাঁওঃ সৰস্বতী পূজা উপলক্ষে নগাঁও জিলাৰ পুৰণিগুদাম ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় আৰু চামগুৰি মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ হাতত একোখনকৈ কিতাপ তুলি দি কিতাপৰ উৎসৱ পালন কৰে পুৰণিগুদাম কবি সন্মিলনে। 

লগতে এটা কিতাপৰ টোপোলা মহাবিদ্যালয়ৰ পুথিভঁড়াললৈয়ো আগবঢ়াই। পুৰণিগুদাম কবি সন্মিলনৰ সভাপতি নবীন কলিতা আৰু সম্পাদক হিৰণ্য কুমাৰ শৰ্মাৰ উদ্যোগত  শিশু বন্ধু দুলাল বৰাই পুৰণিগুদাম ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষৰ হৈ উপাধ্যক্ষ ড° কমল শইকীয়া আৰু ড° অংকুৰ বনিয়াই আৰু চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষৰ হৈ সহকাৰী অধ্যাপক দিলীপ কুমাৰ দাস, ৰফিকুল ইচলাম, কাৰ্যালয় সহায়ক তৰুন বৰা আৰু মিন্টু কমল দাসৰ হাতত দুস্প্ৰাপ্য কিতাপৰ টোপোলা প্ৰদান কৰে। 

জাতিৰ গৌৰৱ, দেশৰ গৌৰৱ ছাত্ৰ-ছাত্ৰীৰ হাতে-হাতে একোখনকৈ কিতাপ তুলি দি কিতাপ পঢ়ি জগত চিনা আৰু  জগত জিনাৰ আহ্বান জনাই শিশু বন্ধু দুলাল বৰাই। ভোটাই ডেকা গ্ৰন্থৰ লেখক নবীন কলিতাই হেম বৰুৱাৰ কথাৰে- "সৰস্বতী পূজা কৰি জ্ঞানী হবলৈ যত্ন কৰাতকৈ দুখন কিতাপ পঢ়াটো ভাল।" বুলি কয়। 

কিতাপ