Advertisment

শিৰত পুথি লৈ বিলাসীপাৰাত গ্ৰন্থ বৰ্ষ শোভাযাত্ৰা…

অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ সোনালী জয়ন্তীৰ সামৰণি অনুষ্ঠান উপলক্ষে আজি বিলাসীপাৰা মহাবিদ্যালয়ৰ উদ্যোগত এক গ্ৰন্থ শোভাযাত্রাৰ আয়োজন কৰা হয়।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,বিলাসীপাৰাঃ অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ সোনালী জয়ন্তীৰ সামৰণি অনুষ্ঠান উপলক্ষে আজি বিলাসীপাৰা মহাবিদ্যালয়ৰ উদ্যোগত এক গ্ৰন্থ শোভাযাত্রাৰ আয়োজন কৰা হয়। গ্ৰন্থ সভ্যতাৰ শোভাযাত্ৰাত শিৰত পুথিৰ টোপোলা লৈ নেতৃত্ব দিয়ে বিলাসীপাৰা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড০ হৰিচৰণ দাসে। 

Advertisment

গ্ৰন্থাগাৰলৈ যাও বলক, পঢ়ি যোৱা-বাঢ়ি যোৱা আদি শ্লোগানেৰে উলিওৱা এই শোভাযাত্ৰা উদ্বোধন কৰে অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ প্ৰাক্তন সভাপতি শ্ৰীমন্ত মাধৱ বৰাই। 

অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্র প্ৰধানীয়ে গ্ৰন্থাগাৰিক ড০ হৰিচৰণ দাসৰ শিৰত পুথিৰ টোপোলা তুলি দিয়াৰ পাচতে বিলাসীপাৰা মহাবিদ্যালয়, শংকৰদেৱ শিশু বিদ্যা নিকেতন, কন মইনা জাতীয় বিশ্ববিদ্যালয়, ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিলাসীপাৰা পাব্লিক একাডেমী আই এন এ আদি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে এই গ্ৰন্থ শোভাযাত্রাত অংশগ্ৰহণ কৰে।

বিলাসীপাৰা