অভ্যসন প্ৰাথমিক বিদ্যালয়ত কিতাপৰ বৰ্ষ উদযাপন

মৰিগাঁও জিলাত চলি থকা পঢ়াৰ আনন্দ কাৰ্যসূচীৰ অধীনত শুকুৰবাৰে কিতাপৰ বৰ্ষৰ শুভৰাম্ভণি কৰা হয়। অসম চৰকাৰৰ শিক্ষা বিভাগৰ সন্মানীয় সচিব নাৰয়ণ কোঁ‌ৱৰ শুভাৰম্ভণি কাৰ্যসূচীত উপস্থিত থাকে।

author-image
Asomiya Pratidin
New Update
কিতাপৰ বৰ্ষ

কিতাপৰ বৰ্ষ

ডিজিটেল সংবাদ, মৰিগাঁও : মৰিগাঁও জিলাত চলি থকা পঢ়াৰ আনন্দ কাৰ্যসূচীৰ অধীনত শুকুৰবাৰে কিতাপৰ বৰ্ষৰ শুভৰাম্ভণি কৰা হয়। অসম চৰকাৰৰ শিক্ষা বিভাগৰ সন্মানীয় সচিব নাৰয়ণ কোঁ‌ৱৰ শুভাৰম্ভণি কাৰ্যসূচীত উপস্থিত থাকে।

লগতে মৰিগাঁ‌ও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া আৰু উপ-পৰিদৰ্শক সমৰ বৰুৱাও উক্ত কাৰ্যসূচীত উপস্থিত থাকে। সচিব নাৰয়ণ কোঁ‌ৱৰে ভাষণ প্ৰসংগত শিশুসকলক পুথি পঢ়ি জ্ঞানৰ ভঁ‌ৰাল চহকী কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানত শতাধিক অভিভাৱক আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খনৰ পুথিভঁৰাললৈ পুথি, এটা আলমিৰা আগবঢ়াই পুথিভঁৰালটি সমৃদ্ধ কৰি তোলে। মৰিগাঁও জিলাত আৰম্ভ হোৱা কিতাপ পঢ়াৰ এই আন্দোলনটো প্ৰতিখন বিদ্যালয়লৈ নি জিলাখনৰ শিশুসকলক পঢ়াৰ প্ৰতি আকৃষ্ট কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলি মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই ভাষণত উল্লেখ কৰে।

books