মাইনী মহন্ত আৰু দীপিকা চেত্ৰী সম্পাদিত “হাৰষ্ট’ৰী” শীৰ্ষক গ্ৰন্থ উন্মোচন

“হাৰষ্ট’ৰী” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক ছায়ামণি ভূঞা, প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামী, জ্যেষ্ঠ সাংবাদিক আফ্ৰিদা হুছেইন আৰু প্ৰকাশক নবীন বৰুৱাই।

author-image
Asomiya Pratidin
New Update
গ্ৰন্থ উন্মোচন

গ্ৰন্থ উন্মোচন

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে কটন বিশ্ববিদ্যালয়ৰ এলুমনি ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানটিত 'নন্দিনী' আলোচনীৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক মাইনী মহন্ত আৰু মিজোৰামৰ দীপিকা চেত্ৰী সম্পাদিত “হাৰষ্ট’ৰী” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰা হয়। 

Advertisment
book
book

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত “হাৰষ্ট’ৰী” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক ছায়ামণি ভূঞা, প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামী, জ্যেষ্ঠ সাংবাদিক আফ্ৰিদা হুছেইন আৰু প্ৰকাশক নবীন বৰুৱাই। গ্ৰন্থখনি উন্মোচন কৰি নবীন বৰুৱাই প্ৰকাশক হিচাপে নিজৰ অভিজ্ঞতাৰ বিষয়ে কিছু মন্তব্য কৰে। 

saya
saya

আনহাতে জ্যেষ্ঠ সাংবাদিক ছায়ামণি ভূঞাই কিদৰে ৰাজনৈতিক সাংবাদিক হিচাপে জড়িত হৈ পৰিল, তাৰ কিছু অভিজ্ঞতাৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে। মাইনী মহন্তৰ লেখাই কিদৰে তেওঁক সৰুৰে পৰা আপ্লুত কৰি আহিছে আৰু সাংবাদিকতাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগালে সেই সম্পৰ্কতো কিছু মত ব্যক্ত কৰে।

ভাষণ প্ৰসংগত তেওঁ কয়- ছপা মাধ্যমৰ শক্তি কোনেও ৰোধ কৰিব নোৱাৰে। বৈদ্যুতিক মাধ্যম অথবা সামাজিক মাধ্যম সময়ৰ সোঁতত হেৰাই গ’লেও তথ্য আৰু সংৰক্ষণৰ ভিত্তিত ছপা মাধ্যম জীয়াই থাকিব বুলি মন্তব্য কৰে। লগতে তেওঁ সদ্য উন্মোচিত গ্ৰন্থখন পাঠকে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে।

smitakshi
smitakshi

আনহাতে আনগৰাকী উন্মোচনক তথা প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীয়ে নিজৰ ভাষণত কয় যে ঘৰখনৰ পৰাই এগৰাকী নাৰীয়ে নেতৃত্বৰ আদিপাঠ গ্ৰহণ কৰে। লগতে তেওঁ গ্ৰন্থখনৰ সন্দৰ্ভত কয় যে এই গ্ৰন্থখন সঁচাকৈয়ে তথ্য আৰু সংৰক্ষণ কৰি ৰাখিব পৰা গ্ৰন্থ। এই গ্ৰন্থখনত উল্লেখিত মহিলাসকলৰ ভূমিকাৰ বিষয়ে বহু নজনা কথা জানিব পাৰিম। অনাগত সময়ত গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণত আৰু অধিক জানিব পাৰিব বুলি আশা প্ৰকাশ কৰে। লগতে তেওঁ ছায়ামণি ভূঞাৰ ভাষণৰ আঁত ধৰি ছপা মাধ্যমৰ বিষয়েও কিছু মত ব্যক্ত কৰে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক আফ্ৰিদা হুছেইনেও কেতবোৰ কথা জানিবলৈ দিয়ে। লগতে তেওঁ গ্ৰন্থখন পঢ়ুৱৈসকলে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে।

book
book

ইফালে গ্ৰন্থখনৰ সম্পাদক মাইনী মহন্তই কয় যে গ্ৰন্থখন মূলতঃ উত্তৰ- পূবৰ ৰাজনীতিত মহিলা নেতৃত্বৰ ভূমিকা সন্দৰ্ভত কেইবাটাও বিশ্লেষণাত্মক প্ৰৱন্ধ সন্নিৱিষ্ট কৰা হৈছে। স্বাধীনোত্তৰ ভাৰতীয় ৰাজনীতিত উত্তৰ- পূবৰ মহিলা ৰাজনীতিকৰ ভূমিকা, এই গ্ৰন্থখনত তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে। গ্ৰন্থখনত ছিকিমক বাদ দি উত্তৰ-পূৰ্বঞ্চলৰ আটাইকেখন ৰাজ্যৰ মুঠ ১৪গৰাকী লেখকে মহিলা ৰাজনীতিকৰ সম্পৰ্কত লেখা লিখিছে। 

maini
maini

উল্লেখযোগ্য যে গ্ৰন্থখনত আছে ১৬ টা প্ৰৱন্ধ। ড০ মনোৰমা শৰ্মা, বৈশালী কাশ্যপ, অনন্যা বৰুৱা, কৰবী কাকতি, ড০ তপতী বৰুৱা কাশ্যপ, সূপৰ্ণা লাহিৰী বৰুৱা, তেৰেছা ৰেহমানকে ধৰি কেইবাগৰাকী ন- পুৰণি লেখকে গ্ৰন্থখনত লিখিছে। গ্ৰন্থখন প্ৰকাশ কৰিছে ৰাজ্যৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী পূৰ্বাঞ্চল প্ৰকাশনে। আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

book