ঢকুৱাখনাত "কলা আৰু সৃজনীমূলক শিক্ষা-১" শীৰ্ষক কিতাপ উন্মোচন...

ডি এল এড পাঠ্যক্ৰমৰ শিক্ষাৰ্থীক প্ৰয়োজনীয় সমল যোগান ধৰাৰ আশা...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত "কলা আৰু সৃজনীমূলক শিক্ষা-১" শীৰ্ষক কিতাপ উন্মোচন...

dhokuakhana

ডিজিটেল সংবাদ ঢকুৱাখনা : ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসম'ৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ডায়েট,বি টি ছি বি এড কলেজ আৰু নৰ্মাল স্কুলবোৰত চলি থকা নিয়মীয়া ডি এল এড পাঠ্যক্ৰমৰ প্ৰথম ষান্মাষিকৰ পেপাৰ ক'ড-এছ ১.৭ ৰ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা "কলা আৰু সৃজনীমূলক শিক্ষা-১" নামৰ এখন পাঠ্যপুথি সোমবাৰে উন্মোচন কৰা হয়।

ঢকুৱাখনা  নৰ্মাল স্কুলৰ প্ৰেক্ষাগৃহত কিতাপখন উন্মোচন কৰে ঢকুৱাখনা নৰ্মাল স্কুলৰ কলা,আৰু সৃজনশীল শিক্ষা বিষয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আনন্দ গগৈয়ে। নৰ্মাল স্কুলৰ অতিথি শিক্ষক ৰাজীৱ বৰুৱাই লিখি উলিওৱা গুৱাহাটীৰ পানবজাৰ স্থিত জে এছ প্ৰকাশন গোষ্ঠীয়ে  প্ৰকাশ  কৰা "কলা আৰু সৃজনীমূলক শিক্ষা-১" শীৰ্ষক কিতাপখনে ডি এল এড অধ্যয়নৰত  শিক্ষাৰ্থীসকলক গুণগত শৈক্ষিক সমল অর্জন কৰাত বহুলাংশে  উপকৃত হোৱাৰ আশা কৰা হৈছে ।

নৰ্মাল স্কুল ঢকুৱাখনাৰ অধ্যক্ষ লক্ষী কোঁৱৰৰ সঞ্চালনাত আয়োজিত আৰু ডি এল এডৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ পাৰ্থপ্ৰতিম দাসে আঁত ধৰা এই উন্মোচনী সভাত উপস্থিত থাকি  নৰ্মাল স্কুলৰ সহকাৰী শিক্ষয়িত্ৰী পল্লৱী গগৈ আৰু অপৰাজিতা বুঢ়াগোহাঁইয়ে বক্তব্য ৰাখি উন্মোচিত গ্ৰন্থখনে প্ৰশিক্ষাৰ্থী সকলক  উন্নত মানৰ শৈক্ষিক সমলৰ যোগানৰ অন্যতম প্ৰধান ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে । সভাত লেখক ৰাজীৱ বৰুৱায়ো চমু বক্তব্য আগবঢ়াই ।

DHOKUAKHANA