/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/5aecfda9-7a4c-42b7-8de0-4263eb145269/book.jpg)
ডিজিটেল সংবাদ, নলবাৰী : মমতাময়ী, প্ৰতিভাশালী লেখিকা, নলবাৰীৰ শান্তিপুৰ নিৱাসী, মহাব্যাধি ৰোগত আক্ৰান্ত মনোৰমা দেৱীৰ ৰচিত আৰু নলবাৰী জিলা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত ‘চিত্ত শুদ্ধি’ নামৰ প্ৰবন্ধ সংকলনৰ পুথি এখন ১৫ অক্টোবৰত লেখিকা বিমল দেৱী, ভৱানী ভট্টাচাৰ্য, আৰবানু ৰহমান, মাইবালা কলিতা, চামচিদা বেগম, পদ্মিনী ডেকাই আনুষ্ঠানিকভাৱে উন্মোচন কৰে । লেখিকাগৰাকীৰ বাসগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত পৌৰোহিত্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাই । সভাখন বিশিষ্ট লেখিকা, শিক্ষাব্ৰতী ডঃ লীনা ডেকাই উদ্বোধন কৰে ।
নলবাৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক জোন কুমাৰ বৰ্মনে আঁত ধৰা এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গেৱিন্দ কলিতাই বিশিষ্ট অতিথি হিচাপে ভাগ লয় । অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, সহকাৰী সম্পাদক নৰেশ্বৰ কলিতা আৰু শ্বাহ আলম আহমেদ, জ্যোতিষ বৰ্মন, নিকি শৰ্মা, বিভু গোস্বামী, নলবাৰীৰ ৱাৰ্ড কমিচনাৰ নিকি দেৱী জালান, হৰেন গোস্বামী, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা সমিতিৰ সম্পাদক কৰ্ণধৰ বৰ্মন, সাহিত্যসেৱী কবিতা ডেকা তালুকদাৰ, পাৰুলৰাণী গোস্বামী, নৰেন মজুমদাৰ, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মন, কুলেশ মল্ল বৰুৱা, ক্ৰীড়া সংগঠক অজিত ডেকা উপস্থিত থাকে । নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মা, ধন ভঁৰালী প্ৰমোদ ডেকা, সাংবাদিক ব্ৰজেন তালুকদাৰ, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সম্পাদক অক্ষয় ডেকা, অণিমা দেৱী আৰু দ্বিজেন লহকৰে বন্তি জ্বলাই অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে ।
ইয়াৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত সেৱক মৃগেন কলিতাই শ্ৰীমদ্ভাগৱত পাঠ আৰু ব্যাখ্যা কৰি মাংলিক অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰে । নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই শলাগ জ্ঞাপন কৰে ।