Advertisment

``টিউলিপ ফুলৰ সুবাস’’ আৰু ``জিলিঙনি’’ উন্মোচন......

নীলিমা গোস্বামীৰ ৪ খন উপন্যাসিকাৰ সংকলন ‘’টিউলিপ ফুলৰ সুবাস’’ আৰু লীলাৱতী ডেকাৰ কবিতা সংকলন ``জিলিঙনি’’ মঙলবাৰ, ২৪ ডিচেম্বৰ, ২০২৪ ত উন্মোচন কৰে বিশিষ্ট লেখিকা মেৰীনা বৰুৱাই ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ  নীলিমা গোস্বামীৰ ৪ খন উপন্যাসিকাৰ সংকলন ‘’টিউলিপ ফুলৰ সুবাস’’ আৰু লীলাৱতী ডেকাৰ কবিতা সংকলন ``জিলিঙনি’’ মঙলবাৰ, ২৪ ডিচেম্বৰ, ২০২৪ ত উন্মোচন কৰে বিশিষ্ট লেখিকা মেৰীনা বৰুৱাই । জুৰোড তিনিআলিৰ পাৰনিল পেলেচত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই গ্ৰন্থ দুখন উন্মোচন কৰা হয় ।  টিউলিপ ফুলৰ সুবাস নামৰ গ্ৰন্থ খনত সন্নিৱিষ্ট কৰা উপন্যাসিকা কেইখনত ৰং ৰস, দুখ, আনন্দ ভৰ্তিৰে ভৰা জীৱনৰ কাহিনী প্ৰতিফলিত হৈছে ।

Advertisment

নীলিমা গোস্বামী এগৰাকী সুগল্পকাৰ তথা প্ৰবন্ধকাৰ । তেওঁৰ পূৰ্বতে প্ৰকাশিত ``মহাভাৰতৰ মহীয়সী’’ নামৰ গ্ৰন্থখনে পাঠকৰ বিপুল সমাদাৰ লাভ কৰিছে । তেওঁৰ এই নতুন গ্ৰন্থখনো প্ৰকাশ কৰিছে পূৰ্বায়ন প্ৰকাশনে । আনহাতে শিশুৰ কাব্যগ্ৰন্থ ``জিলিঙনি’’ৰ কবি অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লীলাৱতী ডেকা । তেওঁৰ এই গ্ৰন্থখনৰ প্ৰকাশক হাতীগাঁৱৰ শব্দশিল্প ।

গ্ৰন্থ উন্মোচনী সভাত মেৰিনা বৰুৱাই এক সাৰগৰ্ভ ভাষণেৰে দুইগৰাকী লেখিকাকে অভিনন্দন জ্ঞাপন কৰে । তেওঁ আশা ব্যক্ত কৰে যে এই গ্ৰন্থ দুখনো পাঠকে আগ্ৰহেৰে আদৰি লব ।

ভাষণত বৰুৱাই দুয়োকে আহি থকা দিনবোৰত অধিক মনোনিৱেশৰে সাহিত্য চৰ্চা কৰিবলৈ আহ্বান জনায় ।

গ্ৰন্থ উন্মোচন