কাৰ্বি আংলং জিলা তিৱা সাহিত্য সভাত ডি উফিং মাছলাইৰ গ্ৰন্থ উন্মোচন

জিলাখনত তিৱা সাহিত্য সভা বিস্তাৰ কৰাৰ লগতে প্ৰতিটো তিৱা বসতি প্ৰধান অঞ্চলৰ স্কুল সমূহত চৰকাৰৰ সৈতে আলোচনাৰ  জৰিয়তে শিক্ষক নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি কাৰ্যবাহী সদস্য ডি উফিং মাছলাই ভাষণত উল্লেখ কৰে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেলংবাদ, হাওৰাঘাটঃ পশ্চিম কাৰ্বি আংলং জিলাৰ তৰাডুবি অডিটেৰিয়াম হলত দেওবাৰে কাৰ্বি আংলং জিলাৰ তিৱা মাথন লাই তখ্ৰাৰ এদিনীয়া কাৰ্যসূচীৰে সভা অনুষ্ঠিত কৰা হয় ৷ সভাত পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰতিনিধি সকল অংশগ্ৰহণ কৰাৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা অহা তিৱা সাহিত্য সভাৰ প্ৰতিনিধি সকল উপস্থিত থাকে ৷

Advertisment

তিৱা ভাষা সংস্কৃতি, নৃত্য-গীত পৰম্পৰাৰ আধুনিক তিৱা সমাজৰ নৱপ্ৰজন্মৰ মাজত যাতে প্ৰচলন হয় তাৰ বাবে তিৱা সাহিত্য সভা তথা তিৱা মাথনলাই তখ্ৰাই অহৰহ প্ৰচেষ্টা চলাই আছে বুলি জানিব পৰা গৈছে ৷ সভাত উপস্থিত থাকি কাৰ্বি আংলং স্বাযত্ত শাসিত পৰিষদৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য ডি উফিং মাছলাইয়ে গ্ৰন্থ উন্মোচন কৰি তিৱা ভাষা, সংস্কৃতি, গীত-মাত সংৰক্ষণৰ উদ্দেশ্যে বহুমূলীয়া ভাষণ আগবঢ়ায় ৷

সভাত তিৱা সাহিত্য সভাৰ সক্ৰিয় কৰ্মী তথা প্ৰচাৰক উৎপল মিথি, জয়ন্ত পাটৰ আৰু বধেশ্বৰ বৰদলৈ উপস্থিত থাকে ৷ জিলাখনৰ তিৱা সাহিত্য সভা বিস্তাৰ কৰাৰ লগতে প্ৰতিটো তিৱা বসতি প্ৰধান অঞ্চলৰ স্কুল সমূহত চৰকাৰৰ সৈতে আলোচনাৰ  জৰিয়তে শিক্ষক নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি কাৰ্যবাহী সদস্য ডি উফিং মাছলাইয়ে ভাষণত উল্লেখ কৰে ৷

ডি উফিং মাছলাই