Advertisment

নগাঁৱত 'শ্বহীদ ভোগেশ্বৰী ফুকননীৰ জীৱন-কথা' গ্ৰন্থ উন্মোচন....

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ ভোগেশ্বৰী ফুকননীৰ জীৱনৰ আধাৰত তেওঁৰেই নাতি বিশিষ্ট লেখিকা তথা অধিবক্তা বিভা ফুকনে ৰচনা কৰা ' শ্বহীদ ভোগেশ্বৰী ফুকননীৰ জীৱন - কথা শীৰ্ষক গ্ৰন্থখন দেওবাৰে উন্মোচন কৰা হয়।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, বেবেজীয়াঃ     ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ ভোগেশ্বৰী ফুকননীৰ জীৱনৰ আধাৰত তেওঁৰেই নাতি বিশিষ্ট লেখিকা তথা অধিবক্তা বিভা ফুকনে ৰচনা কৰা ' শ্বহীদ ভোগেশ্বৰী ফুকননীৰ জীৱন - কথা শীৰ্ষক গ্ৰন্থখন দেওবাৰে উন্মোচন কৰা হয়। নগাঁও শ্বহীদ ভৱনত অবসৰপ্ৰাপ্ত অধ্যক্ষ ড : শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই।

Advertisment

শ্বহীদ গৰাকীৰ পৰিয়ালৰ হিৰণময়ী ফুকনে আদৰণি ভাষণ প্ৰদান কৰা সভাৰ আঁত ধৰে আজুনাতি ভাস্কৰ বড়োৱে। গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত বিশিষ্ট ইতিহাসবিদ ড :ৰাজেন শইকীয়াই ভাৰতৰ স্বাধীনতা আন্দোলন সম্পৰ্কীয় তথ্য সহকাৰে মননশীল বক্তৃতা প্ৰদান কৰি কয় যে ৰামায়ন, মহাভাৰত ভাৰতৰ প্ৰাচীন মহাকাব্য। ভাৰতৰ স্বাধীনতা আন্দোলন ভাৰতৰ আধুনিক মহাকাব্য। ৰামায়ণ -  মহাভাৰত বিচিত্ৰ কাহিনীৰে পৰিপূৰ্ণ। ঠিক সেইদৰে ভাৰতৰ স্বাধীনতা আন্দোলন বিভিন্ন ঘটনা প্ৰৱাহৰে বিস্তৃত হৈ আছে। তেওঁ লগতে মহাত্মা গান্ধীৰ নেতৃত্বত চলা স্বাধীনতা আন্দোলনৰ বিভিন্ন দিশ ব্যাখ্যা কৰি কয় যে গান্ধীজীয় সাধাৰণ মানুহৰ মাজলৈ আন্দোলনটোক লৈ যোৱাত সফল হৈছিল।

স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ গুৰুত্বপূৰ্ণ অৱদান হল অভয়। মানুহৰ হৃদয়ৰ পৰা ভয় নোহোৱা কৰিবলৈ সক্ষম হৈছিল। যাৰ বাবে স্বাধীনতা আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিল। মন কৰিব লগা বিষয়টো হ  আন্দোলনত অহিংসাৰ ধাৰাটো শক্তিশালী কৰা। স্বাধীনতা আন্দোলনত অসম তথা নগাঁৱৰ ভূমিকাৰ কথা উল্লেখ কৰি তেওঁ কয় এই আন্দোলনত অসমৰ অৱদান উল্লেখনীয় আৰু বহু আকৰ্ষণীয় কাহিনীৰে ভৰপূৰ।

নগাঁৱত স্বাধীনতা আন্দোলনৰ ঢৌ নমাই আনিছিল পণ্ডিত কনক চন্দ্ৰ শৰ্মাই। তেওঁ আৰু কয় যে স্ব অসমৰ ৰাজনৈতিক ৰাজধানী আছিল গুৱাহাটী। কিন্তু  আন্দোলনটোৰ ৰাজধানী আছিল নগাঁও নগাঁৱত ৪২ ৰ আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিল। যাৰ বাবে ভোগেশ্বৰী ফুকননীৰ লগতে নগাঁৱত বহুকেইজন শ্বহীদ হৈছিল।

প্ৰসঙ্গক্ৰমে তেওঁ স্বাধীনতা আন্দোলনত মহিলা সকলে লোৱা ভুমিকাৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে। স্বাধীনতা আন্দোলনত সকলো লোক জড়িত হোৱাৰ কথা উল্লেখ কৰি  ড : শইকীয়াই কয় - স্বাধীনতা আন্দোলন বহু ধৰণৰ অভিজ্ঞতাৰে সমৃদ্ধ। সেই কথা আজিও আকাশে বতাহে বাজি আছে। সেইবিলাক সকলোৱে গম পায়। ভাৰতৰ স্বাধীনতা আন্দোলনত সাধাৰণ মানুহৰ অৱদান আছিল বাবেই সফল আছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত ভোগেশ্বৰী ফুকননীৰ নাম সদায়েই জিলিকি থাকিব বুলি মন্তব্য কৰি তেওঁ কয়  শ্বহীদ সকলৰ অৱদানক স্বীকৃতি দিয়াটো সকলোৰে কৰ্তব্য।

সভাত অবসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া চন্দ্ৰ মোহন কাকতি, বিশিষ্ট ব্যক্তি ক্ৰমে যতীন চন্দ্ৰ বৰা,যতীন হাজৰিকা ,  সাহিত্যিক লক্ষেশ্বৰ শৰ্মা, শিক্ষাবিদ ড : কমল চন্দ্ৰ শইকীয়া , দিলীপ বৰা ,সাংবাদিক কনক হাজৰিকাৰ লগতে বিনু লস্কৰ ঠাকুৰীয়া ,ভবেশ মেধি, নৱকান্ত লিগিৰা, ডা: প্ৰীতিৰেখা ফুকন ,কুসুম ফুকন,অপৰা ফুকন ,দিপ্তী ফুকন সহ শতাধিক লোক আৰু শ্বহীদ গৰাকীৰ পৰিয়ালৰ লোক সকলে অংশগ্ৰহণ কৰে।  লেখিকা বিভা ফুকনে নিজৰ অনুভৱ ব্যক্ত কৰা সভাখন ডা :  মৌচম শইকীয়াই 'বিষ্ণু ধ্যানম' পৰিবেশন কৰি সভাৰ শুভাৰম্ভ কৰে।

গ্ৰন্থ উন্মোচনী সভা