প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ দ্বাৰা সংকলিত আৰু সম্পাদিত “বিজেপিক কিয় ভোট নিদিব”? শীৰ্ষক গ্ৰন্থ উন্মোচন

পাঠক তথা পঢ়ুৱৈ সমাজৰ বাবে সুখবৰ। গ্ৰন্থৰ বতৰত পাঠকৰ মাজলৈ উলিয়াই দিয়া হৈছে এখন নতুন গ্ৰন্থ। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ দ্বাৰা সংকলিত আৰু সম্পাদিত “বিজেপিক কিয় ভোট নিদিব”? শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
book

book

ডিজিটেল ডেস্ক : পাঠক তথা পঢ়ুৱৈ সমাজৰ বাবে সুখবৰ। গ্ৰন্থৰ বতৰত পাঠকৰ মাজলৈ উলিয়াই দিয়া হৈছে এখন নতুন গ্ৰন্থ। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াৰ দ্বাৰা সংকলিত আৰু সম্পাদিত “বিজেপিক কিয় ভোট নিদিব”? শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়।

Advertisment
book
book

শনিবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত প্ৰতিদিন টাইমৰ কাৰ্যালয়ত গ্ৰন্থখন উন্মোচন কৰে সাদিন- প্ৰতিদিনৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই। গ্ৰন্থখনৰ উন্মোচনীত সহযোগ কৰে কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাই। ইয়াৰ উপৰি উক্ত অনুষ্ঠানটিত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা প্ৰতিদিন টাইমৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতীম কুমাৰ আৰু পাৰ্থ বৰুৱা।

book
book

উল্লেখযোগ্য যে ৰাজ্যৰ লগতে সমগ্ৰ দেশৰ ৰাজনীতিত বিজেপি দলৰ উত্থান আৰু তাৰ আঁৰৰ ঘাত- প্ৰতিঘাতেৰে ভৰা সময়ৰ কাহিনী গ্ৰন্থখনত ধৰি ৰখাৰ প্ৰয়াস কৰিছে নিতুমণি শইকীয়াই। ২০১৬ চনত বিজেপিয়ে অসমত প্ৰথমবাৰ চৰকাৰ গঠন কৰাৰ পূৰ্বে সূচনা হোৱা এক বৌদ্ধিক বিতৰ্ক সন্দৰ্ভত প্ৰকাশ হোৱা বাতৰিসমূহ এই গ্ৰন্থখনত উল্লেখ কৰা হৈছে।    

book
book

গ্ৰন্থখনি উন্মোচন কৰি উন্মোচক তথা সাদিন- প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই কয় যে, চৰকাৰে ফ্লাই অ’ভাৰ বনালে নহ’ব, ফ্লাই অ’ভাৰৰ তলত বাস কৰা সাধাৰণ লোকৰ কথাও চিন্তা কৰিব লাগিব। তেওঁলোকে খোৱাপানী পাইছেনে, কৃত্ৰিম বানত আক্ৰন্ত জনতাক উদ্ধাৰ কৰিব পাৰিছে নে নাই সেই কথাৰ প্ৰতিও চৰকাৰে গুৰুত্ব দিব লাগিব।

jayanta baruah
jayanta baruah

লগতে তেওঁ কয় যে আজিৰ তাৰিখত অসমত চৰকাৰে আশাৰ সঞ্চাৰ কৰিব পৰা নাই। ইয়াত নিৰাশাৰ বাতাবৰণ সৃষ্টি হৈ থকা বুলি মন্তব্য কৰে বৰুৱাই। লগতে গ্ৰাম্য অৰ্থনীতিৰ প্ৰসংগও উল্লেখ কৰে। চৰকাৰে গ্ৰাম্য অৰ্থনীতি থান- বান কৰা বুলি অসমীয়া প্ৰতিদিনৰ সম্পাদকগৰাকীয়ে মন্তব্য কৰে।

আনহাতে অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাই কয়- এটা খুব গুৰুত্বপূৰ্ণ সময়ৰ ৩৭টা প্ৰৱন্ধ গ্ৰন্থখনত সন্নৱিষ্ট হৈছে। এই প্ৰৱন্ধকেইটাই সেই সময়ৰ গোটেই প্ৰতিফলন ঘটাব পাৰিব বুলি আশা প্ৰকাশ কৰে। 

লগতে তেওঁ অনুভৱ ব্যক্ত কৰি কয়- ভৱিষ্যতে কোনোবাই যদি গৱেষণা কৰিব খোজে বা সেই সময়টোক পৰ্যবেক্ষণ কৰিব খোজে, তেতিয়া হ’লে এই গ্ৰন্থখনে সহায় কৰিব। 

dhairya hazarika
dhairya hazarika

ইয়াৰ উপৰি গ্ৰন্থখনৰ সম্পৰ্কত মুখ্য সম্পাদক নিতুমণি শইকীয়াই কেতবোৰ মন্তব্য কৰে। গ্ৰন্থখনত থকা প্ৰৱন্ধসমূহৰ বিষয়েও সম্যক আভাস দিয়ে। বিভিন্ন বাতৰি কাকতত লিখা লেখাসমূহক এই গ্ৰন্থখনত ধৰি ৰখাৰ চেষ্টা কৰা বুলি শইকীয়াই জানিবলৈ দিয়ে।

nitumoni saikia
nitumoni saikia

লগতে তেঁও এই গ্ৰন্থখন সময়ৰ দলিল আৰু সময়ৰ বুৰঞ্জী হৈ ৰ’ব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই গ্ৰন্থখন প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ অন্যতম প্ৰকাশন গোষ্ঠী বনলতাই। এই গ্ৰন্থখন খানাপাৰত চলি থকা অসম গ্ৰন্থমেলাত উপলব্ধ হ'ব বুলি জানিবলৈ দিয়ে। ইয়াৰ উপৰি আমাজন আদিৰ দৰে অনলাইন মাধ্যমতো পঢ়ুৱৈয়ে গ্ৰন্থখন পঢ়িব পাৰিব।

pratidin time Nitumoni Saikia book release