/asomiyapratidin/media/media_files/2025/01/17/jm7ODA2sl5Zbkby1jdob.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাটঃ গোসাইগাঁও বি এড কলেজৰ অধ্যক্ষ তথা গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ সভাপতি বিশিষ্ট লেখক ড° অজিত বড়োৰ ইংৰাজী ভাষাৰ 'গুৰুদেৱ কালীচৰণ ব্ৰহ্ম'(Philosophycal Perspective) শীৰ্ষক গ্ৰন্থ অলপতে কোকৰাঝাৰ জিলাৰ বডোফা নগৰৰ Labao Cafe ত উন্মোচন কৰা হয় । কালীচৰণ ব্ৰহ্মৰ উক্ত জীৱনীমূলক গ্ৰন্থখন উন্মোচন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।
উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে সদৌ ব্ৰহ্ম ধৰ্ম কমিটিৰ সম্পাদক জগত চন্দ্ৰ ব্ৰহ্ম, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° ইন্দিৰা বড়ো, সদৌ অসম ফুটবল এচোছিয়েশ্যনৰ সম্পাদক ড° ছাংগ্ৰাং ব্ৰহ্ম, কোকৰাঝাৰ চি আই টিৰ অধ্যাপক ড° বিহুং ব্ৰহ্ম, গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ পো নাতি নিৰঞ্জন ব্ৰহ্ম, সদৌ ব্ৰহ্ম ধৰ্ম কমিটিৰ কোকৰাঝাৰ জিলাৰ সম্পাদক কালেন্দ্ৰ নাথ বসুমতাৰী আদি উপস্থিত থাকে ।
সভাত গ্ৰন্থ উন্মোচন কৰি কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ জীৱনী গ্ৰন্থখন হিন্দী ভাষাতো লিখিবলৈ পৰামৰ্শ দিয়াৰ লগতে গুৰুজনাৰ জীৱনাদৰ্শ ভাৰতৰ বিভিন্ন ঠাইত প্ৰচাৰ আৰু প্ৰসাৰৰ গুৰুত্ব আৰোপ কৰে । গুৰুদেৱ কালীচৰণ ব্ৰহ্মই ১৯৩৪ চনত মহাত্মা গান্ধীক ধুবুৰীৰ ৰূপসীত আমন্ত্ৰণ কৰি বড়োসকলৰ সংস্কৃতি প্ৰদৰ্শন কৰিছিল । গুৰুদেৱে ভাৰতৰ স্বাধীনতা সংগ্ৰামত বহু অৱদান দি থৈ গৈছে । গুৰুদেৱে কেৱল ব্ৰহ্ম ধৰ্মৰ গুৰুদেৱ নহয় তেওঁ এগৰাকী সমাজ সংস্কাৰক আছিল । সেয়ে গুৰুদেৱৰ জীৱনাআদৰ্শক বচাই ৰখাৰ কাম আৰু দায়িত্বটো আমাৰ সকলোৰে হাতত আছে বুলি মন্তব্য কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।
বিশিষ্ট লেখক ড° অজিত বড়োই গুৰুদেৱৰ জীৱনী গ্ৰন্থখনত এই মূল্যবান তথ্য সন্নিৱিষ্ট কৰা কাম অতি প্ৰশংসনীয় আৰু মহৎকাৰ্য বুলি বিবেচিত হৈছে । ইপিনে ড° ইন্দিৰা বড়োই গুৰুদেৱৰ জন্ম স্থানটো পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তুলিব লাগে বুলি মন্তব্য কৰাৰ লগতে উক্ত কামটো কৰিবৰ বাবে অসম চৰকাৰ আৰু বি টি আৰ চৰকাৰৰ ওচৰত আহ্বান জনাইছে ।