ডিজিটেল ডেস্কঃ কবি যুগজ্যোতি দাসৰ 'মুগা বৰণীয়া শিলবোৰে এই কথা জানে' শীৰ্ষক কাব্য সংকলনটি সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। প্ৰজ্ঞা মিডিয়াহাইপে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰে।
সংকলনটো উন্মোচন কৰি প্ৰখ্যাত কবিগৰাকীয়ে কয় যে যুগজ্যোতি দাসৰ কবিতাত ভাবনাৰ এক ধৰণৰ বিস্তৃতি আছে আৰু ইয়ে তেওঁৰ কবিতাক বিশিষ্টতা প্ৰদান কৰিছে। লক্ষ্যণীয়ভাৱে কবি নীলিম কুমাৰে যুগজ্যোতি দাসৰ কবিতাত এক মনোকল্পিত সৌন্দৰ্যলোকৰো উপস্থিতি লক্ষ্য কৰিছে।
উল্লেখ্য যে ঐকান্তিকতাৰে কাব্যচৰ্চা কৰি অহা কবি যুগজ্যোতি দাসৰ এয়া তৃতীয়টো সংকলন। ইতিপূৰ্বে তেওঁৰ 'মা' (২০০২) আৰু 'কুঁৱলীৰ চিঞাহীৰে চিঠি লিখা ছোৱালীজনী' (২০০৮) শীৰ্ষক দুটা সংকলন প্ৰকাশিত হৈছে। আজিৰ অনুষ্ঠানটোতে একেটা প্ৰকাশনে প্ৰকাশ কৰা প্ৰখ্যাত কবি আনিছ উজ জামানৰ 'আত্মজ' শীৰ্ষক গ্ৰন্থখনো উন্মোচিত হয়। উন্মোচন কৰে সাহিত্য অকাদেমি বঁটা বিজয়ী উড়িয়া কবি ড: ফণী মহান্তিয়ে।
সমান্তৰালকৈ প্ৰখ্যাত উড়িয়া কবি ড. ফণী মহান্তি আৰু যামিনী দাসৰ এক সম্বৰ্ধনা পৰ্বও অনুষ্ঠিত হয়। দুয়োগৰাকী কবিয়ে নিজৰ অনুভৱ ব্যক্ত কৰাৰ লগতে অসম আৰু উড়িষ্যাৰ আন্ত:ভাষিক-সাংস্কৃতিক সম্পৰ্কৰ কথা উল্লেখ কৰে। অনুষ্ঠানটোত উপস্থিত থাকি বক্তব্য ৰখাৰ লগতে কবিতা পাঠ কৰে বিশিষ্ট কবি লুটফা হানুম ছেলিমা বেগম, ৰাজেন্দ্ৰনাথ বৰদলৈ, শংকৰ শইকীয়া, দেৱপ্ৰসাদ তালুকদাৰ, ৰাতুল কিশোৰ ডেকা, মনালিছা শৰ্মা, জোনালী মজুমদাৰ, গীতা চহৰীয়া আদিয়ে। প্ৰজ্ঞা মিডিয়াহাইপৰ স্বত্বাধিকাৰী উজ্জ্বল বৰাই আঁত ধৰা অনুষ্ঠানটোত দেৱজিৎ শইকীয়াই জ্যোতি সংগীত আৰু অপৰ্ণা দাস ৰাজবংশীয়ে লোকগীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।