ডিজিটেল সংবাদ, গুৱাহাটীঃ “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তীৰ্থভ্ৰমণ“ নামৰ গ্ৰন্থ এখন শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক বিমল মজুমদাৰে সভাপতিত্ব কৰা অনুষ্ঠানটোত গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ, শংকৰী সাহিত্যৰ পণ্ডিত ডঃ দয়ানন্দ পাঠকে৷
অনুষ্ঠানত বিশিষ্ট লেখক থানেশ্বৰ মালাকৰ, গোপাল জালান, বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ দেৱ গোস্বামী, শ্ৰীমন্ত শংকৰদেৱ সমাজৰ সভাপতি তথা ভক্ত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতা বঁটা প্ৰাপক কণিকা পাঠককে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি অতিথি হিচাপে উপস্থিত থাকে৷ অৱনী ৰঞ্জন পাঠকে অনুষ্ঠানটোৰ আঁত ধৰাৰ লগতে উদ্দেশ্যে ব্যাখ্যাও কৰে৷
অনুষ্ঠানত ডঃ হৰগোবিন্দ পাঠক, ভবেন্দ্ৰ নাথ দুৱৰী, প্ৰাক্তন আৰক্ষী বিষয়া পি চি বৰদলৈ, বিষ্ণু ডেকাকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়৷ শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি সমাজ, পুৰী প্ৰকল্পৰ সভাপতি কণিকা পাঠকে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন ৰচনা কৰছে প্ৰভাত দাসে৷
উন্মোচনী ভাষণত ডঃ পাঠকে কয় শ্ৰীমন্ত শংকৰদেৱৰ তীৰ্থভ্ৰমণ বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। সৰ্ব ভাৰতীয় প্ৰেক্ষাপটত সম্প্ৰতি শংকৰদেৱৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে। শংকৰদেৱ মাল্টি ডাইমেনচনেল ব্যক্তিত্বৰ অধিকাৰী আছিল। সেয়ে বৈধিক মহলত আগ্ৰহ বৃদ্ধি পাইছে। ব্যক্তিৰ মাজত থাকিবলগীয়া টোটেল পাৰ্চনেলীটিআছিল শংকৰদেৱৰ মাজত।গুৰুজনাৰ ব্যক্তিত্বত বডী লেংগুৱেজে বিশেষ গুৰুত্ব লাভ কৰে।
অনুষ্ঠানত থানেশ্বৰ মালাকাৰে প্ৰভাত দাসৰ বিষয়ে উল্লেখ কৰি কয় যে শংকৰী সংস্কৃতিৰ বিষয়ে গ্ৰন্থ ৰচনাত তেওঁ মনোনিবেশ কৰি আহিছে৷ শংকৰী সংস্কৃতি বিকাশৰ বাবে প্ৰভাত দাসে অহৰহ লাগি আছে৷ ’শংকৰদেৱ চাৰ্কুল’ প্ৰস্তুত কৰাত এই গ্ৰন্থখনে সহায় কৰিব৷ শংকৰদেৱ যলৈকে গৈছে, তাতে এটা এটা নামঘৰ হ’ব লাগে৷ গুৰুৰ নামত আমি কিছুমান কথা ত্যাগ কৰিব লাগিব৷ ভিন্ন পন্থা- ভিন্ন ফৈদৰ ভেদ ভাবৰ পৰা আমি আঁতৰি আহিব লাগিব৷
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গোপাল জালানে কয় যে গ্ৰন্থ খনে জাতীয় জীৱনত গুৰুত্বপূৰ্ণ স্থান পাব বুলি আশাবাদী৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে অধ্যয়ন কৰিব বিচৰা সকলৰ বাবে এই গ্ৰন্থখনে সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷
বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ দেৱগোস্বামীয়ে ভাষণ প্ৰসংগত কয় যে গুৰুজনাই তীৰ্থ ভ্ৰমণ কৰি আমাক যি সাৰ বস্তু দিছিল, তাক গ্ৰন্থখনত সন্নিবিষ্ট হৈছে৷ আজি সত্ৰসমূহত সাঁচিপতিয়া পুথি বহুত আছে কিন্তু সেইবোৰ সত্ৰতে আবদ্ধ হৈ আছে৷ সেয়ে প্ৰকাশিত গ্ৰন্থবোৰে গুৰুজনাৰ বিষয়ে ৰাইজক জ্ঞান দিব বুলি তেওঁ মন্তব্য কৰে৷
প্ৰকাশক কণিকা পাঠকে কয় যে গুৰুজনাই কলৈ কলৈ গৈছিল আমি বহু কথাই নাজানো৷ কিন্তু এই গ্ৰন্থখন পঢ়ি আমি বহু কথাই জানিব পাৰিম৷ অনুষ্ঠানত সমজুৱাৰ হৈ অৱসৰপ্ৰাপ্ত বতৰ বিজ্ঞানী হৰগোবিন্দ পাঠকসহ কেবাগৰাকীও ব্যক্তিয়ে মত প্ৰকাশ কৰে ৷ অনুষ্ঠানৰ শেষত লেখক প্ৰভাত দাসে গ্ৰন্থখনৰ বিষয়ে সম্যক ধাৰণা প্ৰদান কৰে ৷ সভাপতিৰ মন্তব্যত ডঃ বিমল মজুমদাৰে কয় যে তীৰ্থ ভ্ৰমণেহে মানুহক স্থায়ী ভাবে আনন্দ দিব পাৰে৷ শংকৰদেৱ একপ্ৰকাৰ জাতিতকৈও উৰ্দ্ধত৷ শংকৰদেৱক আমি যিমানেই চৰ্চা কৰিছো, সিমানেই গুৰুজনাৰ মাহাত্ম্য উজলি উঠিছে৷