ভূপেন হাজৰিকাৰ ওপজা দিনত কবিতা পুথি উন্মোচন...

কেইবাগৰাকী শিল্পী, লিখক, সাংবাদিক-সমাজকৰ্মী উপস্থিত থাকে

author-image
Asomiya Pratidin
New Update
ভূপেন হাজৰিকাৰ ওপজা দিনত কবিতা পুথি উন্মোচন...

Book Launch

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আলিপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত বৃহস্পতিবাৰে বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ওপজা দিন উদযাপন কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সাধাৰণ সম্পাদক তথা আলিপুখুৰী শাখা সাহিত্য সভাৰ সম্পাদক ইন্দ্ৰমোহন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত নিমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকি সোনাই নদী উত্তৰ আঞ্চলিক সৌৰভ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ বৰা, বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ উপ সভাপতি অতুল মহন্তই সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জীৱন দৰ্শন, সাহিত্য-সংস্কৃতি সকলো সামৰি ভাষণ প্ৰদান কৰে।

অসম চৰকাৰৰ কৃৰ্তি শিক্ষকৰ বঁটা লাভ কৰা হিৰামনি বৰুৱা, শিক্ষক লক্ষ্যধৰ তালুুকদাৰ, পল্লবীতা মহন্ত, দীপান্বিতা গোস্বামীকে আদি কৰি কেইবাগৰাকী লোকৰ গীতৰ অনুষ্ঠানৰ সমাহাৰেৰে অনুষ্ঠিত অনুষ্ঠানটিতে শিৱানী বৰা হাজৰিকাৰ "অনুভৱৰ একলম" শীৰ্ষক এখনি কবিতা পুথি উন্মোচন কৰে নাট্যকাৰ, নাট্য সমালোচক, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ ৰাজ্যিক মূখ্য উপদেষ্টা ধীৰেন শৰ্মাই।

অনুষ্ঠানটিত অসম সাহিত্য সভাৰ আকাশ উপ সমিতিৰ মূখ্য আহ্বায়িকা স্বপ্না কলিতা, আলিপুখুৰী শাখা সাহিত্য সভাৰ সম্পাদক হৰি নাৰায়ণ কোঁৱৰ, সোনাই নদী উত্তৰ আঞ্চলিক সৌৰভ শাখা সাহিত্য সভাৰ সম্পাদক কবিন পাটৰ আৰু প্ৰাক্তন সম্পাদক নাৰায়ণ দাস, সবিতা বৰা, দিলীপ গোস্বামী, গিৰিশ বৰুৱা, ৰিজুমনি ভূঞা, সাংবাদিক দিব্যজ্যোতি বৰুৱাকে আদি কৰি কেইবাগৰাকী শিল্পী, লিখক, সাংবাদিক, সমাজকৰ্মী উপস্থিত থাকে।

DR BHUPEN HAZARIKA