/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/24ea9a2a-e339-43af-93e3-c5aeecdfe77b/mon_mora_tora.jpg)
MON MORA TORA
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম প্ৰকাশন পৰিষদৰ সভাগৃহত দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তৰুণ গল্পকাৰ জিন্তু গীতাৰ্থৰ দ্বিতীয়খন গল্প সংকলন মন মৰা তৰা উন্মোচন কৰে। গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে মহানগৰীৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান পূৰ্বায়ণ প্ৰকাশনে।
উন্মোচনী অনুষ্ঠানটোত গ্ৰন্থখন উন্মোচন কৰে প্ৰথিতযশা গল্পকাৰ ড০ মৌচুমী কন্দলীয়ে। কন্দলীয়ে কয় যে জীৱনৰ অভিজ্ঞতাৰ পৰাহে সাহিত্যৰ তত্বৰ উদঘাটন ঘটে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাহিত্য অকাডেমী বঁটা বিজয়ী ঔপন্যাসিক ড০ জয়ন্ত মাধৱ বৰা। জিন্তু গীতাৰ্থৰ গল্পত থকা দৃষ্টিভংগী আৰু মননশীলতাৰ কথা উল্লেখ কৰে ড০ বৰাই।
ড০ জয়ন্ত ডেকাই আঁত ধৰা উন্মোচনী সভাত কটন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড০ মেৰী বৰুৱা,ফুনু দাস শৰ্মা,জুৰি মহন্ত,আৰু পূৰবী ডেকা বোস উপস্থিত থাকি চমু ভাষণ ৰাখে। অন্যহাতে পূৰ্বায়ণ প্ৰকাশনৰ স্বত্বাধিকাৰী ড০ অমৃত কুমাৰ উপাধ্যায়ে গ্ৰন্থখনে পঢ়ুৱৈৰ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।