বাহনা মহাবিদ্যালয়ত মমী বৰাৰ গ্ৰন্থ "পাচবুকত জিলিকি থকা ফটোখন" উন্মোচন...

গল্পৰ জৰিয়তে সমাজৰ বাস্তৱ প্ৰতিচ্ছবি প্ৰতিফলিত হয়ঃ ড০ পবিত্ৰপ্ৰাণ গোস্বামী
মমী বৰাৰ গ্ৰন্থ "পাচবুকত জিলিকি থকা ফটোখন" উন্মোচন
মমী বৰাৰ গ্ৰন্থ "পাচবুকত জিলিকি থকা ফটোখন" উন্মোচন
Published on
Updated on

ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাটৰ বাহনা মহাবিদ্যালয়ত প্ৰতিশ্ৰুতি সম্পন্ন যুৱ গল্পকাৰ মমী বৰাৰ ," পাচবুকত জিলিকি থকা ফটোখন" উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, সত্ৰীয়া সংস্কৃতিৰ গৱেষক ড০ পবিত্ৰপ্ৰাণ গোস্বামীয়ে। উন্মোচনী ভাষণত গোস্বামীয়ে কয় যে, "চুটি গল্পৰ বৈশিষ্ট্য অক্ষুণ্ণ ৰাখি পৰিশীলিত প্ৰকাশ ভংগীৰে এটা সুন্দৰ চুটিগল্প‌ পাঠকক উপহাৰ দিব পৰাটো অতি জটিল । বিভিন্ন ঘাট -প্ৰতিঘাট আৰু সংঘাটেৰে ভৰা সমাজখনৰ বাস্তৱ প্ৰতিচ্ছবি সুন্দৰভাৱে এটা চুটি গল্পৰ জৰিয়তে প্ৰকাশ কৰিব পাৰি । এনেদৰেই প্ৰেক্ষাপটক সাৱলীলভাৱে আগুৱাই নি সাৰ্থক চুটি গল্পৰ জৰিয়তে সমাজলৈও সুন্দৰ বাৰ্তা দিব পাৰি"। এনেদৰে মন্তব্য কৰে সত্ৰীয়া সংস্কৃতিৰ গৱেষক ড০ পবিত্ৰপ্ৰাণ গোস্বামীয়ে।

বাহনা মহাবিদ্যালয়ৰ ৰূপকোঁৱৰ আলোচনা কক্ষত আয়োজিত অনুষ্ঠানত ড০ গোস্বামীয়ে লগতে কয় যে, মমী বৰাৰ বহুকেইটা চুটিগল্পই চুটিগল্পৰ প্ৰকৃত স্বাদ দিবলৈ সক্ষম হৈছে আৰু এই ধাৰা অব্যাহত ৰাখিলে গল্পকাৰে অধিক পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব ।

বাহনা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ পংকজ বৰাই আঁত ধৰা অনুষ্ঠানটোত বাহনা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰসন্ন কুমাৰ দত্তই উন্মোচিত গ্ৰন্থখনে পাঠকৰ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে । অনুষ্ঠানত বাহনা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ শান্তনা শইকীয়া আৰু গ্ৰেটিয়া টেকনলজি প্ৰা: লি: ৰ পৰিচালন সঞ্চালক বিজু পেগুৱেও অংশ গ্ৰহণ কৰে । লেখিকা মমী বৰাইও নিজৰ অনুভৱ ব্যক্ত কৰে । উন্মোচনী অনুষ্ঠানত মহাবিদ্যালয়ৰ বিভাগীয় মুৰব্বীসকল,অধ্যাপক অধ্যাপিকা সকল আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

আৰু পঢ়কঃ দৰঙত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in