কটন বিশ্ববিদ্যালয়ত 'সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচন' সভাৰ আয়োজন...

author-image
Asomiya Pratidin
New Update
কটন বিশ্ববিদ্যালয়ত 'সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচন' সভাৰ আয়োজন...

ডিজিটেল সংবাদ, গুৱাহাটী : সোমবাৰে কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ এলামণি ভৱনত কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, যশস্বী বিজ্ঞান লিখক, শিক্ষাবিদ ড০ পবিত্ৰ কুমাৰ পাটোৱাৰীক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে এখন 'সম্বৰ্দ্ধনা আৰু গ্ৰন্থ উন্মোচন' সভা অনুষ্ঠিত হয় । জে. এইচ. ফ্ৰীডলীনৰ মঙ্লাচাৰণৰে আৰম্ভ হোৱা সভাত সভাপতিত্ব কৰে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নৃপেন্দ্ৰ কুমাৰ ভাগৱতীয়ে। কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক ৰাজেন মহন্তই সভাৰ উদ্দেশ্য বাখ্যা কৰাৰ পাছতে ড০ পাটোৱাৰীক কামৰূপ জিলা সাহিত্য সভা, অভিনন্দন গ্ৰন্থৰ সম্পাদনা সমিতি, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে তেখেতৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জনায়।

Advertisment

সভাত মহেন্দ্ৰ নাথ ডেকাৰ সম্পাদনাত কামৰূপ জিলা সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা 'প্ৰজ্ঞাৰ আলোক ড০ পবিত্ৰ কুমাৰ পাটোৱাৰী' অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালৰ প্ৰাক্তন উপাচাৰ্য্য, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সম উপাচাৰ্য্য, বিশিষ্ট শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰীয়ে। ড০ চৌধুৰীয়ে ড০ পাটোৱাৰীৰ বৰ্ণিল জীৱনৰ আলোকপাত কৰাৰ লগতে এনেকুৱা মহৎ উদ্দেশ্যেৰ শলাগ লয়। সভাত ড০ পাটোৱাৰীৰ জীৱনৰ বিভিন্ন দিশ সামৰি বহু কেইজন বক্তাই সাৰুৱা ভাষণ ৰাখে ।

ড০ পাটোৱাৰীয়ে নিজৰ ভাষণত জীৱনৰ সোণোৱালী দিনৰ কথা স্মৰণ কৰি এটি সুন্দৰ বক্তব্য আগবঢ়োৱাৰ লগতে কামৰূপ জিলা আৰু বিদ্বান সমাজৰ পৰা পোৱা এই সন্মান চিৰদিন মনত ৰাখিব বুলি উল্লেখ কৰে। অনুষ্ঠানটিৰ আঁত ধৰিছিল গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ প্ৰাক্তন কাৰ্যবাহী বিষয়া নয়ন প্ৰসাদে।

assam cotton university