ডিজিটেল সংবাদ,জামুগুৰিহাটঃ নতুন প্ৰজন্মৰ বাবে বাটকটীয়া হৈ ইতিহাসত লিপিবদ্ধ হৈ ৰৱ “জামুগুৰিহাটৰ অধুনালুপ্ত বাঘ ভেটা সংস্কৃতিৰ শিপা বিচাৰি” নামৰ এই গ্ৰন্থখনি।জামুগুৰিহাটৰ অন্যান্য সাহিত্য ,সংস্কৃতিৰ শিপা ডাল তথ্য ভিত্তিকভাবে আগুৱাই লৈ যোৱাৰ দায়িত্ব আৰু কৰ্তব্য আমিয়েই গ্ৰহণ কৰিব লাগিব- এই মন্তব্য নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ।
জামুগুৰিহাটৰ এগৰাকী সু সন্তান তথা লেখক-সাহিত্যিক, জ্যেষ্ঠ সাংবাদিক কবিৰ শইকীয়াৰ দ্বৰা ৰচিত "জামুগুৰিহাটৰ অধুনালুপ্ত বাঘ ভেটা সংস্কৃতিৰ শিপা বিচাৰি" শীৰ্ষক গ্ৰন্থ খনি উন্মোচন কৰি বিধায়ক গৰাকীয়ে এই মন্তব্য কৰি লেখক সাংবাদিক গৰাকীৰ মহান পদক্ষেপৰ শলাগ লয় ৷ পদ্ম হাজৰিকাই জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা, বৰপুখুৰীপাৰৰ বিহু আদিৰ দৰে ঐতিহ্য সমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত লেখক সকলৰ গুৰু দায়িত্ব থকা বুলি মন্তব্য কৰে।
জামুগুৰিহাটৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যাল়ৰ অসমীয়া বিভাগৰ উদ্যোগত আয়োজিত গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানটিৰ আঁত ধৰে প্ৰবক্তা সুমন্ত ৰাজবংশীয়ে। অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সম্পাদক তথা বাৰেচহৰীয়া ভাওনা কমিটিৰ সভাপতি বিশিষ্ট সমাজকৰ্মী ভৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভা খনিত শিশু সাহিত্যিক তথা প্ৰাক্তন অধ্যাপক ইন্দ্ৰ প্ৰসাদ শইকীয়া, ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অজিত হাজৰিকা, শিক্ষাবিদ কমল ৰাজবংশী, সৰ্প বান্ধৱ খ্যাত বিশিষ্ট প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকী আৰু সাংবাদিক তথা নদুৱাৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ফণীন্দ্ৰ বৰুৱাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।
সাৰ গৰ্ভ ভাষণত প্ৰতি গৰাকী বক্তাই কবিৰ শইকীয়াৰ এই পদক্ষেপৰ প্ৰসংশা কৰাৰ লগতে গ্ৰন্থ খন ভৱিষ্যত প্ৰজন্মৰ দাপোন হ'ব বুলি মন্তব্য কৰে। বাঘ ভেঁটা সংস্কৃতিৰ স্মৃতি বহনকাৰী তথা বাঘ ভেটিবলৈ গৈ বাঘৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হোৱা জামুগুৰিহাটৰ মুঢ়াদল নিবাসী দেৱ কুমাৰ ভৰালী সভা খনত বিশেষ অতিথি হিচাপে উপস্থিত থাকি বাঘ ভেটাৰ দিনৰ স্মৃতি সুঁৱৰি সুন্দৰ বক্তব্য আগবঢ়ায়। সভাখনত লেখক কবিৰ শইকীয়াই গ্ৰন্থ খন ৰচনা কৰাৰ লক্ষ্য - উদ্দেশ্যৰ বিষয়ে অৱগত কৰে।