Advertisment

অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ "প্ৰত্যাশা" শীৰ্ষক আলোচনী উন্মোচন

দৰং কেঞ্চাৰ কেন্দ্ৰত বৃহস্পতিবাৰে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা প্ৰকাশিত বহুভাষিক ১ম প্ৰকাশ প্ৰথম খণ্ড অসমীয়া ভাষাত প্ৰকাশ কৰি উলিওৱা আলোচনী প্ৰত্যাশা উন্মোচন কৰে।

author-image
Asomiya Pratidin
New Update
sf

ডিজিটেল সংবাদ,মঙলদৈ:   অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত গঢ় লৈ উঠা অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত অসমৰ বিভিন্ন জিলাত স্থাপিত কেঞ্চাৰ হাস্পতালৰ অন্যতম দৰং কেঞ্চাৰ হাস্পতাল। দৰং কেঞ্চাৰ কেন্দ্ৰত বৃহস্পতিবাৰে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা প্ৰকাশিত বহুভাষিক ১ম প্ৰকাশ প্ৰথম খণ্ড অসমীয়া ভাষাত প্ৰকাশ কৰি উলিওৱা আলোচনী প্ৰত্যাশা উন্মোচন কৰে।

Advertisment

দৰং কেঞ্চাৰ কেন্দ্ৰত অনুষ্ঠিত হোৱা বিশেষ কাৰ্যসূচীৰ জৰিয়তে প্ৰত্যাশা নিউজলেটাৰ খনি উন্মোচন কৰে দৰং জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা০ ৰমেশ চন্দ্ৰ গোস্বামীয়ে। অনুষ্ঠানৰ আৰম্ভনিতে দৰং কেঞ্চাৰ কেন্দ্ৰৰ অধীক্ষক ডা০ (কৰ্নেল) চৈয়দ ইফটিখাৰ চোভানীয়ে আদৰণী ভাষণ আগবঢ়ায়। দৰং কেঞ্চাৰ কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়াই আঁত ধৰা কাৰ্যসূচীত উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ জিলা প্ৰকল্প অভিযন্তা ৰফিকুল ইছলাম,খাৰুপেটীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা জাহিদা চুলতানা>

লগতে অনুষ্ঠানত অংশ লয়, দৰং কেঞ্চাৰ কেন্দ্ৰৰ ৰেডিঅ'চন অনকল'জি বিভাগৰ চিকিৎসক ডা০ সীবা সেন্থমেয়ৰ,ডা০ মানস ৰঞ্জন সেনাপতি,চিকিৎসক ছাহিদুল ইছলাম,চিকিৎসক ৰুবিনা ইয়াছমিন,দৰং কেঞ্চাৰ কেন্দ্ৰৰ এইচ আৰ গৌতম সন্দিকৈ,জিলা সমন্বয়ক দীপমনি শৰ্মা,কৰ্মচাৰী দীপু ডেকাৰ লগতে কেইবাগৰাকীও দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক,নাৰ্চৰ লগতে বিভিন্ন বিভাগৰ কৰ্মচাৰী আৰু ৰোগী সকলৰ অভিভাৱকে।

 অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মুখ্য পৰিচালন সঞ্চালক ডা০ (মেজৰ জেনেৰেল) জয় প্ৰকাশ প্ৰসাদ আৰু অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ প্ৰকল্প সঞ্চালক গৌতম চিন্তেৰ প্ৰত্যক্ষ সহযোগত বহুভাষিক প্ৰথম প্ৰকাশিত অসমীয়া ভাষাৰ নিউজ লেটাৰ প্ৰত্যাশাৰ সম্পাদনাৰ দায়িত্বত থাকে সম্পাদিকা অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ‌্যন ৰ কৰ্মচাৰী নন্দিনী কাকতি,সহযোগী সম্পাদক মণ্ডলী তেজপুৰ কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী চেতনজীৎ শইকীয়া,দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী নিৰঞ্জন শইকীয়া আৰু যোৰহাট কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী ধ্ৰুৱজ্যোতি কাকতি ।

অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন ৰ পৃষ্ঠপোষকতাত বহুভাষিক প্ৰথম প্ৰকাশিত অসমীয়া ভাষাৰ আলোচনী প্ৰত্যাশা ত কৰ্কট ৰোগৰ সাৱধানতা আৰু সজাগতা লগতে কৰ্কট ৰোগৰ চিকিৎসা সম্পৰ্কীয় বিষয় সমূহ প্ৰকাশ পাইছে ।

অসম কেঞ্চাৰ কেয়াৰ