/asomiyapratidin/media/media_files/2024/12/01/wJyAAIKKN9XuVUitaJSH.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাট: কবিতাই কবিৰ প্ৰাণ। কবিতাই কবিৰ প্ৰাণত আশাৰ সঞ্চাৰ কৰাৰ লগতে জগত পোহৰ কৰি তোলে। ইয়াকেই যেন আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে ডিফুৰ দুগৰাকী কবিয়ে। উল্লেখযোগ্য যে
প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি অসম তথা ভাৰতৰ বিখ্যাত সাহিত্যিক, জ্ঞানপীঠ বঁটা বিজয়ী তথা পদ্মশ্ৰী বঁটা প্ৰাপক ড° মামণি ৰয়ছম গোস্বামীৰ মৃত্যু দিৱসো পালন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা উক্ত কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলন স্মৃতি তৰ্পণ আদি বিভিন্ন কাৰ্যসূচী সম্পন্ন কৰা হয়।
ডিফু শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী গীতা বৰাৰ সঞ্চালনাত বিয়লি অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত ডিফুৰ বৰ্ষীয়ান মহিলা প্ৰেমদা দত্ত উপস্থিত থকাৰ লগতে কাৰ্বি আংলং জিলা মহিলা সমিতিৰ সভানেত্ৰী খিৰলা টেৰণপী, ডিফু শাখা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ৰীনা দেৱ, কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী তথা বিশিষ্ট লেখিকা সাৱিত্ৰী গগৈ উপস্থিত থাকে।
লগতে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° লাটুমণি ডেকা, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা বিশিষ্ট সাহিত্যিক বিদুল বৰুৱা, বিশিষ্ট সাহিত্যিক ভৱ প্ৰসাদ দেউৰী, জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাকে প্ৰমুখ্যে কৰি স্থানীয় বহুকেইগৰাকী গণ্য মান্য কবি-সাহিত্যিক আৰু সাহিত্য প্ৰেমী সকলো উপস্থিত থাকে।
উক্ত সভাতে ৰাণু শইকীয়া ক্ৰপীৰ (kropi) "ফাগুনৰ ৰংময় ক'লাজ'' আৰু মেৰী লাহনৰ "কবিতাৰ শেৱালি সুবাস'' শীৰ্ষক কাব্য গ্ৰন্থ দুখনৰ শুভ উন্মোচন কৰে ক্ৰমে কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী তথা বিশিষ্ট লেখিকা সাৱিত্ৰী গগৈ আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা বিশিষ্ট সাহিত্যিক বিদুল বৰুৱাই।
ইপিনে শিশু শিল্পী নৈবেদ্য গগৈ, লক্ষ্মীকান্ত নাথ আৰু ডিফু শাখা লেখিকা সমাৰোহ সমিতিৰ সদস্য বৃন্দই পৰিবেশন কৰা গীত-মাতে গ্ৰন্থ উন্মোচনী সভাৰ সৌষ্ঠৱ দুগুণে বৃদ্ধি কৰাৰ উপৰি নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা ড° লাটুমণি ডেকাই জ্ঞানপীঠ বঁটা বিজয়ী ড° মামণি ৰয়ছম গোস্বামীৰ জীৱন আৰু লিখনিৰ ওপৰত প্ৰদান কৰা ভাষণে উপস্থিত সকলোকে মনোমুগ্ধ কৰি তোলে।