/asomiyapratidin/media/media_files/2025/01/25/0MRd9BFQ1rns91Y0NchV.png)
ডিজিটেল সংবাদ,গুৱাহাটী: গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডৰ সভাকক্ষত শনিবাৰে জ্যেষ্ঠ সাংবাদিক উৎপল কুমাৰ দাসৰ "এচকল জীৱনবিলাস" নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। বিশিষ্ট লেখক লীনা শৰ্মাই উন্মোচন কৰে গ্ৰন্থখন। উন্মোচনী ভাষণত তেওঁ গ্ৰন্থখনৰ শিৰোনামটোক প্ৰশংসাৰে ওপচাই দিয়ে।
গ্ৰন্থখনৰ সামগ্ৰিক পৰিকল্পনা সুন্দৰ হোৱা বুলি উল্লেখ কৰি লীনা শৰ্মাই কয় যে, কিতাপ এখন আচলতে এটা সামগ্ৰীহে। সামগ্ৰী হিচাপে ভাবি কিতাপ এখনৰ প্ৰচাৰৰ কৰিব ব্যৱস্থা কৰিব লাগে। তেহে কিতাপখন বিক্ৰী হব,পাঠকে পঢ়িব, লেখকৰ উদ্দেশ্য সফলকাম হ'ব। আমি অকণমান বাণিজ্যিক কেন্দ্ৰিক হ'ব লাগে বুলি উল্লেখ কৰি তেওঁ কয় যে, কিতাপ এখন পঢ়ুৱৈৰ কাষ চাপিবলৈ কিতাপখনৰ বিষয়ে পঢ়ুৱৈয়ে গম পাব লাগিব।তেওঁ কয়," কিতাপখনত লেখকৰ সুন্দৰ দর্শন প্ৰকাশ পাইছে। সেয়া ৰাইজে জনা উচিত।"
অৰুণিমা গোস্বামীয়ে আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এক মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত হয়। গ্রন্থখনৰ বিষয়ে মন্তব্য কৰি বিশিষ্ট গল্পকাৰ,কবি অতনু ভট্টাচাৰ্যই কয় যে, উৎপল দাসে দাবী কৰে যে তেওঁ প্ৰকৃততে এজন স্বাভাৱিক লেখক নহয়। যিখন পৃথিৱীত মানুহে নিজকে প্ৰচাৰত ব্যস্ত থাকে, সেইখন পৃথিৱীত উৎপলে নিজকে লুকুৱাই ৰাখে। কিতাপখন নিৰ্দিষ্ট এটা বিষয়কেন্দ্ৰিক নহয়। কিতাপখনত ব্যক্তি উৎপল দাস মানুহজন ওলাই আহে। তেওঁৰ দক্ষতা ঢাক খাই থাকে। মিডিয়াত প্ৰচাৰ নহয়।
অনুষ্ঠানটিক গীত আৰু কথাৰে মধুৰ কৰি তোলে মিতালী দে'ই। তেওঁ কয় যে, উৎপল দাৰ হীনমন্যতাৰ ভাব এটা থাকে। ইফালে অনুষ্ঠানত উপস্থিত থাকি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱলোচন বৰঠাকুৰে কয় যে, উৎপল দাসে কাম এটা নিজে কৰে, আনকো কৰাব পাৰে। উৎপল দাসৰ পৰাও আমি শিকো। আজিৰ পৰা তেওঁ লুকাই নাথাকি ওলাই আহিব বুলি আশা কৰিছো।
বসন্ত বৰঠাকুৰে কয় যে, উৎপল দাসে প্ৰকৃতিৰ স'তে বিলীন হৈ ভাল পায়। তেওঁ সদায় কথাবোৰ অগতানুগতিকভাৱে ভাবে। ঋতুপৰ্ণ দাসে শব্দৰ উচ্চাৰণ সম্পৰ্কে উৎপল দাসৰ দখল বহুত বেছি বুলি উল্লেখ কৰে। অনুষ্ঠানত উৎপল দাসে অতনু ভট্টাচাৰ্যৰ "কথা" শীৰ্ষক কবিতা পাঠ কৰে। অনুষ্ঠানত এটা বনগীত আৰু প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতিত স্বৰচিত গোৱালপাৰীয়া গীত পৰিবেশন কৰে কণ্ঠশিল্পী অৰুন্ধতী দাস বৰুৱাই ।
বিশিষ্ট সাংবাদিক হেমন্ত বৰ্মনে কয় যে, জীৱনটো উদযাপন কৰাৰ কথাই আমি নাভাবো, উৎপল দাসে জীৱন বিলাসৰ কথা কৈছে। আজিৰ অনুষ্ঠানত অভিনেত্ৰী লিপিকা বৰা মেধীয়ে নিজৰ বক্তব্য ৰাখে। লগতে ভাষা-জাতিৰ প্ৰতি উৎপল দাসৰ আন্তৰিকতা অসীম বুলি উল্লেখ কৰে জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈয়ে। জ্যেষ্ঠ সাংবাদিক ফণীধৰ দাসে সংবাদ সাহিত্যৰ গুৰুত্ব, উৎপল দাসৰ প্ৰতিভা, সমাজত নামী- দামী লেখকৰ আধিপত্য সন্দৰ্ভত সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে।
অসমীয়া প্ৰতিদিনৰ আৰ্হি পাঠ চাওঁতা বিপুল কলিতাই ভাষণ প্ৰসংগত উৎপল দাসক শুভেচ্ছা জ্ঞাপন কৰে। সুশীল কুমাৰ দাস,অনুজা লোপামুদ্ৰা, সংগীতা শৰ্মাকে ধৰি বিভিন্নজনে বক্তব্য আগবঢ়োৱা অনুষ্ঠানটোত শৰাইঘাট মহাবিদ্যালয়ৰ গ্ৰন্থগাৰিক বন্তি গগৈয়ে উৎপল দাসৰ সহধৰ্মিনী পূৰবী দাসে তেওঁক আগবঢ়োৱা সহায়, অনুপ্ৰেৰণাক ভূয়সী প্ৰশংসা কৰে।