ডিজিটেল সংবাদ,জালুকবাৰী: অসমীয়া প্ৰতিদিন, সাদিন আদি কৰি অসমৰ বিভিন্ন কাকত, আলোচনীত সময়ে সময়ে প্ৰকাশ হৈ অহা নিৱন্ধকাৰ প্ৰফুল্ল কলিতাৰ প্ৰকাশিত লেখাসমূহৰ পৰা ২৩ টা অনুপ্ৰেৰণাদায়ক লেখা যুগুতাই ‘সুখী আৰু সফল জীৱন’ নামৰ গ্ৰন্থখন প্ৰকাশৰ দায়িত্ব গ্ৰহণ কৰিছে ‘দাপোন প্ৰকাশনে’। গ্ৰন্থখনত মূলতঃ অকৃতকাৰ্যতা বা অসফলতা যে সফলতাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে, অসফলতা যে সফলতাৰ মূল চাবিকাঠি সেয়া বিশ্বৰ বিভিন্ন ব্যক্তিৰ উদাহৰণ সহিতে তুলিধৰা হৈছে।
অন্যহাতে, তুলিধৰা হৈছে সফল আৰু সুখী জীৱনৰ অনেক বাচকবনীয়া কথা । উল্লেখ্য ‘সুখী আৰু সফল জীৱন’ গ্ৰন্থখন উচৰ্গা কৰা হৈছে ক্ৰমে- লতিকা ডেকা , মানস প্ৰতিম , দেৱপ্ৰতিম আৰু ৰিচাৰ হাতত । সেই অনুযায়ী ২০ নৱেম্বৰৰ দিনা গুৱাহাটী জালুকবাৰীস্থিত লেখকগৰাকীৰ ঘৰত চাৰিওগৰাকী ব্যক্তিৰ হাতত ঘৰুৱা সংস্কৰণ তুলি দিয়া হয় । প্ৰণিধানযোগ্য যে অসমৰ শিক্ষিত আৰু সম্ভ্ৰান্ত মানুহৰ বসতিস্থল যোৰহাট জিলাৰ প্ৰাণকেন্দ্ৰ জে ডি এছ এ খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাত যোৰহাটস্থিত দাপোন প্ৰকাশনে এই গ্ৰন্থখন কেইবাখনো বিপনীত পঢ়ুৱৈ, গ্ৰাহকৰ বাবে মুকলি কৰি দিছে।
গ্ৰন্থখনে ইতিমধ্যে যোৰহাটৰ অসম গ্ৰন্থমেলাত পঢ়ুৱৈ গ্ৰাহকৰ পৰা বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে। স্মৰ্তব্য যে গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি দক্ষিন কামৰূপ, গোৱালপাৰা আৰু উত্তৰ কামৰূপৰ বিভিন্ন স্থানত বিভিন্ন বাতৰি কাকত, আলোচনী পৰিৱেশক তথা বিতৰকৰ গুৰু দায়িত্ব লোৱা লেখক প্ৰফুল্ল কলিতাই বহু ব্যস্ততাৰ মাজতো প্ৰতিনিয়ত অধ্যয়নৰ সমান্তৰালভাবে অব্যাহত ৰাখিছে সাহিত্যৰ অনুশীলন।
নিয়মীয়া বাৰ্তা , অসমীয়া প্ৰতিদিন , সাদিন , অসম বাণী , দৈনিক অসম, আমাৰ অসম, অসমীয়া খবৰ , দৈনিক অগ্ৰদূত, অসম আদিত্য, প্ৰান্তিক , গৰীয়সী আদি অসমৰ সংবাদ জগতৰ ভালেমান সম্ভ্ৰান্ত কাকত, আলোচনীত তেওঁৰ লেখা ইতিমধ্যে প্ৰাকাশ পাইছে ।