
ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যত গ্ৰন্থ আন্দোলনক অধিক বিস্তাৰিত কৰাৰ উদ্দেশ্যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত অসমৰ ভিন্ন প্ৰান্তত গ্ৰন্থমেলা আয়োজনৰ কাৰ্যসূচী হাতত লৈছে। অসম গ্ৰন্থমেলাৰ এইবাৰ আৰম্ভণি হ’ব ধেমাজিৰ পৰা ৷
ধেমাজিৰ কাছাৰী ময়দানত অহা ৪ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰ, ২০২২লৈ ১০ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা অসম গ্ৰন্থমেলা, ধেমাজিৰ মণ্ডপ নিৰ্মাণ, বিপণী আৱণ্টন তথা ১০ দিনৰ কাৰ্যসূচী প্ৰস্তুতিৰ কাম পূৰ্ণগতিত আগবাঢ়িছে বুলি জানিবলৈ দিয়ে ৷
অন্যহাতে আয়োজক সমিতিয়ে জনোৱা অনুসৰি ৪ নৱেম্বৰ, শুকুৰবাৰে বিয়লি ৪ বজাত ‘অসম গ্ৰন্থমেলা, ধেমাজি’ৰ শুভ উদ্বোধন কৰিব শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই সন্মানীয় অতিথি আৰু লেখক, গৱেষক প্ৰদীপজ্যোতি মহন্তই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব ৷
উল্লেখ্য যে, অসম গ্ৰন্থমেলা, ধেমাজিৰ যোৱা ১৯ অক্টোবৰত লাইখুঁটা স্থাপন অনুষ্ঠানৰ পাছৰ পৰা চহৰখন তথা সমগ্ৰ ধেমাজি জিলাত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত ধেমাজিত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই গ্ৰন্থমেলাত ৰাজ্য তথা ৰাজ্যৰ বাহিৰৰ ১০০খন গ্ৰন্থ বিপণীৰ অংশগ্ৰহণ কৰিব।
দিল্লী আৰু কলকাতাৰ কেইবাখনো আগশাৰীৰ গ্ৰন্থ বিপণীয়ে এই গ্ৰন্থমেলাত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে ৷ গ্ৰন্থমেলাৰ ১০ দিনীয়া কাৰ্যসূচীৰ ভিতৰত থাকিব সাহিত্য বিষয়ক বিভিন্ন আলোচনা সত্ৰ, কবি সন্মিলন, শিশুৰ দিন, অৰুণাচলৰ অসমীয়া লেখকসকলৰ অন্তৰংগ আলাপ, ধেমাজি জিলাৰ প্ৰতিভাধৰসকলৰ সমাৰোহ, যুৱ লেখকৰ সাহিত্যানুষ্ঠান তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ৷ অসম প্ৰকাশন পৰিষদৰ সভাগৃহত শুকুৰবাৰে আয়োজিত এখন সংবাদ মেলত পৰিষদৰ সচিব প্ৰমোদ কলিতা আৰু অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মা, উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰী, সম্পাদক ধীৰাজ গোস্বামী আৰু সহকাৰী সম্পাদক প্ৰবোধ দাসে এই কথা সদৰি কৰে ৷
সংবাদ মেলত সাংবাদিকসকলক সম্বোধন কৰি তেওঁলোকে কয় যে, এইবাৰ ধেমাজিৰ লগতে যোৰহাট, গুৱাহাটী, নলবাৰী আৰু বঙাইগাঁৱত দুয়োটা প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত একোখনকৈ গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ধেমাজি গ্ৰন্থমেলাৰ সমান্তৰালভাৱে নলবাৰীৰ ৰাস মহোৎসৱ উপলক্ষে নলবাৰীত অহা ৮ নৱেম্বৰ, ২০২২ পৰা ১৯ নৱেম্বৰ, ২০২২ তাৰিখলৈ ‘অসম গ্ৰন্থমেলা, নলবাৰী’ অনুষ্ঠিত হ’ব ৷ নলবাৰীৰ হৰি মন্দিৰ বাকৰিত অহা ৮ নৱেম্বৰ তাৰিখে অসম গ্ৰন্থমেলা, নলবাৰী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷
এই অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, বিশিষ্ট অভিধান প্ৰণেতা সুমন্ত চলিহা আৰু লেখক প্ৰশান্ত চক্ৰৱৰ্তী উপস্থিত থাকিব ৷ প্ৰায় ৫০খন গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব লগা এই গ্ৰন্থমেলাৰ বাবে ইতিমধ্যে সাহিত্য, গ্ৰন্থ তথা সংস্কৃতি বিষয়ক বিভিন্ন কাৰ্যসূচী প্ৰস্তুত কৰি তোলা হৈছে ৷
অহা ২ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰ, ২০২২লৈ যোৰহাটৰ কাছাৰী ময়দানত অনুষ্ঠিত হ’ব লগা ‘অসম গ্ৰন্থমেলা, যোৰহাট’ৰ আয়োজনো পূৰ্ণ গতিত চলি আছে বুলি জানিবলৈ দিয়ে ৷
উল্লেখযোগ্য যে, অসম গ্ৰন্থমেলা, যোৰহাটত যোৰহাটৰ অসম শৈক্ষিক কেন্দ্ৰও সহযোগী হিচাপে আছে ৷ ২ ডিচেম্বৰ, ২০২২ তাৰিখে অনুষ্ঠিত হ’ব লগা গ্ৰন্থমেলা উদ্বোধনী অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, হিমাচল প্ৰদেশ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কুলদীপ চান্দ অগ্নিহোত্ৰীয়ে সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ সন্মতি দিছে ৷ ১৫০তকৈও অধিক গ্ৰন্থ বিপণীৰ বাবে প্ৰস্তুত হৈ উঠিব লগা অসম গ্ৰন্থমেলা, যোৰহাটৰ লাইখুঁটা স্থাপন অনুষ্ঠান অহা ১৫ নৱেম্বৰত অনুষ্ঠিত হ’ব ৷
সংবাদ মেলত জনোৱা অনুসৰি, যোৰহাটৰ পাছতে ২৯ ডিচেম্বৰৰ পৰা ৮ জানুৱাৰী, ২০২৩ লৈ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত ‘দ্বিতীয় অসম গ্ৰন্থমেলা, গুৱাহাটী’ অনুষ্ঠিত হ’ব ৷ ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা উদ্বোধনী অনুষ্ঠানলৈ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ লগতে ৰাজ্যখনৰ প্ৰথিতযশা লেখকক আমন্ত্ৰণৰ দিহা কৰা হৈছে ৷ অসম গ্ৰন্থমেলা, গুৱাহাটীত ৰাজ্যখনৰ উপৰি দিল্লী, কলকাতা তথা বিদেশৰো গ্ৰন্থ বিপণীয়ে যোগদানৰ বাবে ইচ্চা প্ৰকাশ কৰা বুলি ইতিমধ্যে জানিব পৰা গৈছে ৷
সংবাদ মেলত প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা আৰু পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মা, উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰী, সম্পাদক ধীৰাজ গোস্বামী আৰু সহকাৰী সম্পাদক প্ৰবোধ দাসে জানিবলৈ দিয়া মতে, গুৱাহাটীৰ পাছতে বঙাইগাঁও চহৰত পঞ্চমখন অসম গ্ৰন্থমেলা অনুষ্ঠিত হ’ব ৷ বঙাইগাঁও গ্ৰন্থমেলাৰ বাবে তাৰিখ ধাৰ্য কৰা নাই যদিও শতাধিক গ্ৰন্থ বিপণীয়ে যোগদান কৰিব পৰাকৈ মণ্ডপ নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰতিষ্ঠান দুটাৰ ফালৰ পৰা জানিবলৈ দিয়ে ৷
আনহাতে, ডিফুতো অসম গ্ৰন্থমেলা আয়োজনৰ চিন্তা-চৰ্চা কৰি থকা হৈছে ৷ অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মা, উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰী, সম্পাদক ধীৰাজ গোস্বামী আৰু সহকাৰী সম্পাদক প্ৰবোধ দাসে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা এই গ্ৰন্থমেলালানিত গ্ৰন্থপ্ৰেমী ৰাইজৰ পূৰ্ণ সহযোগিতা তথা দিহা-পৰামৰ্শ কামনা কৰে ৷