ডিজিটেল সংবাদ,তিতাবৰঃ প্ৰাগজ্যোতিকা শাখা সাহিত্য সভা আৰু প্ৰাগজ্যোতিকা শৈক্ষিক প্ৰতিষ্ঠানৰ সৌজন্যত আজিৰে পৰা অনুষ্ঠিত হৈছে গ্ৰন্থ উৎসৱ। প্ৰাগজ্যোতিকাৰ বাকৰিত অনুষ্ঠিত গ্ৰন্থ উৎসৱৰ আজি পুৱাৰ ভাগত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে শিশু সাহিত্যিক ড° বন্দিতা গোস্বামী শইকীয়াই।
গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি অচ্যুতদীপ শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত সভাত মুখ্যবক্তাৰূপে ভাষন দিয়ে যোৰহাট জিলা সাহিত্য সভাৰ বিদায়ী সভাপতি তথা অধিবক্তা ভৱ গোস্বামীয়ে। এই অনুষ্ঠানতে প্ৰাগজ্যোতিকাৰ ছাত্ৰ-ছাত্ৰী সকলে হাতে লিখা কেবাখনো আলোচনী উন্মোচন কৰা হয়।