মঙলদৈ গ্ৰন্থ মেলাত কবি সন্মিলন অনুষ্ঠিত

মঙলদৈ গান্ধী ময়দানত মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ লগতে মঙলদৈবাসীৰ সহযোগত চলি থকা গ্ৰন্থ মেলাত মঙ্গলবাৰে দিনজোৰা কাৰ্যসূচীৰে কবি সন্মিলন অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ গান্ধী ময়দানত মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ লগতে মঙলদৈবাসীৰ সহযোগত চলি থকা গ্ৰন্থ মেলাত মঙ্গলবাৰে দিনজোৰা কাৰ্যসূচীৰে কবি সন্মিলন অনুষ্ঠিত হয়।

Advertisment

কবি সন্মিলন উপ সমিতিৰ সম্পাদক প্ৰফুল্ল দেৱ শৰ্মাই আঁত ধৰা অনুষ্ঠানটিৰ পুৱা ৯:৩০ বজাত বন্তি প্ৰজ্বলন কৰে কবি সন্মিলন উপ সমিতিৰ সভাপতি শাশ্বতী শৰ্মাই। ঠিক একেদৰে ১০ বজাত কবিতা আবৃত্তি প্ৰতিযোগিতা উদ্বোধন কৰে বিশিষ্ট আবৃত্তিকাৰ কৃষ্ণেন্দু ডেকা দেৱে

১১ বজাত শ্বহীদ দিৱস উপলক্ষে শ্বহীদ বেদীত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে মঙলদৈ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি মদন বৰুৱাই  দিনৰ ১১:৩০ বজাত কবি সন্মিলন আৰম্ভ হয় মলয় বৰুৱাৰ পৰিচালনাত স্থানীয় শিল্পীৰ দ্বাৰা পৰিবেশিত সমবেত সংগীতেৰে । কবি সন্মিলন উদ্বোধন কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা,  বিশিষ্ট কবি সাহিত্যিক  ° বিনিতা বড়া দেৱ চৌধুৰীয়ে । তেখেতে বৰ্তমান যুগৰ কবিতাত থকা প্ৰেমৰ ভাব নতুন নহয় আৰু কবিতাত শংকৰদেৱৰ পৰা আজিলৈকে প্ৰেম একেদৰে আছে কেৱল প্ৰকাশ ভংগীহে বেলেগ বুলি মন্তব্য কৰে ।

কবি সন্মিলনৰ সঞ্চালক হিচাপে উপস্থিত থাকে বিশিষ্ট কবি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° এম কামালুদ্দিন আহমেদ  তেখেতে সাৱলীল ভাষাত কয় যে আধুনিক কবিতাৰ অৰ্থ কবিয়ে উলিয়াই নিদিয়ে পাঠকে বা শ্ৰুতাই বিচাৰি ল'ব লাগিব। আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট আবৃত্তিকাৰ ড° হিতেশ গোস্বামী আৰু বিশিষ্ট কবি দিলীপ ফুকন উপস্থিত থাকে।

কবিতা আবৃত্তি প্ৰতিযোগিতাত ক শাখাৰ প্ৰথম স্থান লাভ কৰে প্ৰিয়াংশ্ৰী শিৱমে দ্বিতীয় স্থান লাভ কৰে ধ্যান প্ৰজ্ঞান চৌধুৰীয়ে আৰু  তৃতীয় স্থান লাভ ৰিয়া চৌধুৰীৰ। খ শাখাৰ প্ৰথমস্থান যুটীয়া ভাবে লাভ কৰে মনালিছা ডেকাই আৰু বেদান্ত শৰ্মাই ।  দ্বিতীয় স্থান পালে জয়শ্ৰী বৰুৱাই আৰু  তৃতীয় স্থান পাবলৈ সক্ষম হয় কৃতাঞ্জলী ডেকাই ।

 

কবি সন্মিলন মঙলদৈ গ্ৰন্থ মেলা