প্ৰাণতোষ দাস ফাউণ্ডেচনৰ উদ্যোগত সৰুপথাৰত শাৰদীয় গ্ৰন্থমেলা আৰু আড্ডাৰ প্ৰস্তুতি...

শিশুক খেলনা পিষ্টলৰ সলনি হাতত কিতাপ তুলি দিয়াৰ বাবে এই প্ৰয়াস

author-image
Asomiya Pratidin
New Update
প্ৰাণতোষ দাস ফাউণ্ডেচনৰ উদ্যোগত সৰুপথাৰত শাৰদীয় গ্ৰন্থমেলা আৰু আড্ডাৰ প্ৰস্তুতি...

Book fair

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ গোলাঘাট জিলা ধনশিৰি মহকুমাৰ সৰুপথাৰৰ গান্ধী মূৰ্তিৰ সমীপত দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি শাৰদীয় গ্ৰন্থমেলা আৰু আড্ডা অনুষ্ঠানৰ আয়োজন কৰিছে। প্ৰাণতোষ দাস ফাউণ্ডেচনৰ উদ্যোগত আৰু অন্যপথ গোষ্ঠীৰ সহযোগত হ'বলগীয়া অনুষ্ঠানটোত কিতাপৰ প্ৰতি আধিক আগ্ৰহী কৰাৰ উদ্দেশ্যে বিগত বৰ্ষ সমূহৰ দৰে এইবাৰ সপ্তম বাৰ্ষিক হিচাপে অনুষ্ঠিত কৰিছে বুলি জানিবলৈ দিয়ে।

Advertisment

শিশুক খেলনা পিষ্টলৰ সলনি হাতত কিতাপ তুলি দিয়া, শাৰদীয় উৎসৱৰ বতৰত প্ৰিয় জনৰ হাতত গ্ৰন্থ তুলি দিয়াৰ বাবে এই প্ৰয়াস।

২ অক্টোবৰত গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচনৰ পিছতেই শিশু সকলৰ গীত মাতৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। প্ৰথম দিনা গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি সন্ধিয়া জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰণৰ এক কাৰ্যসূচী হাতত লৈছে বুলি উদ্যোক্তাই জানিবলৈ দিছে।

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে উক্ত স্থানতেই পথৰ পুথিভঁৰাল স্থাপন কৰিছিল । সেয়েহে উক্ত গ্ৰন্থমেলা আৰু আড্ডা অনুষ্ঠানৰ লগত সংগতি ৰাখি পঢ়ুৱৈ সকলৰ বাবে "পথৰ পুথিভঁৰাল, প্ৰিয় কিতাপ খন ,মই অলপতে পঢ়া কিতাপখন" শীৰ্ষক আড্ডা অনুষ্ঠিত হ'ব বুলি প্ৰান্তোষ দাস ফাউণ্ডেচনৰ সম্পাদক পাৰ্থপ্ৰতীম দাসে জানিবলৈ দিয়ে। অন্যহাতে অনুষ্ঠানৰ সকলো কাৰ্যসূচীতে সহায় সহযোগ কামনা কৰিছে অন্যপথ গোষ্ঠীৰ হৈ ড° নয়নমনি মেধীয়ে।

book fair