/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/1e80323d-54c0-4873-ae36-049eda1edd7e/rally_06.jpg)
বঙাইগাঁও শোধনাগাৰ শ্ৰমিক সন্থাৰ বাইক ৰেলী
ডিজিটেল সংবাদ চিৰাং: ৰাজহুৱা খণ্ডৰ উদ্যোগ বাক্তিগতকৰণ আৰু ঠিকা ভিত্তিকৰণৰ বিৰোধিতাৰে চিৰাঙৰ ঢালিগাঁওৰ পৰা বঙাইগাঁও শোধনাগাৰ কৰ্মচাৰী সংঘই আজি এক বাইক ৰেলী বাহিৰ কৰে । এই বাইক ৰেলীৰ জৰিয়তে দেশৰ ৰাজধানী দিল্লীত অহা ১৭ নবেম্বৰত হ'বলগীয়া ভাৰতীয় মজদূৰ সংঘৰ ৰেলীৰ সজাগতা কৰে, যাতে দিল্লীত হ'বলগীয়া প্ৰতিবাদী ৰেলীত সকলোৱে দলে বলে যোগদান কৰিব পাৰে।
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠান, বিমানবন্দৰ, ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ আদি ব্যাক্তিগতকৰণ, ঠিকা কৰণ, চামিলকৰণৰ লগতে সম্পূৰ্ণকৈ বন্ধ কৰি দিয়া আৰু ৰাজসাহাৰ্য্যৰ পৰা বঞ্চিত কৰা আদিৰ বিৰুদ্ধে জনমত গঠন কৰি সমজুৱা বিৰোধিতা কৰাৰ উদ্দেশ্যেই এই বাইক ৰেলীৰ আয়োজন কৰা বুলি কয় বঙাইগাঁও শোধনাগাৰ কৰ্মচাৰী সন্থাৰ সভাপতি মহাদেৱ ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাসে। আজি পুৱা ১০ বজাত চিৰাঙৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰ কৰ্মচাৰী সংঘৰ কাৰ্যালয়ৰ পৰা এই বাইক ৰেলী উলিয়াই জিলা সদৰ কাজলগাঁওকে আদি কৰি জিলাখনৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰে।