বঙাইগাঁও শোধনাগাৰ উদ্যোগত গাঁওসভা, স্বাস্থ্য শিবিৰৰ আয়োজন...

author-image
Asomiya Pratidin
New Update
বঙাইগাঁও শোধনাগাৰ উদ্যোগত গাঁওসভা, স্বাস্থ্য শিবিৰৰ আয়োজন...

বঙাইগাঁও শোধনাগাৰ

ডিজিটেল সংবাদ চিৰাং: বঙাইগাঁও শোধনাগাৰৰ উদ্যোগত যোৱা ৩১ অক্টোবৰত আৰম্ভ হোৱা সতৰ্কতা সজাগতা সপ্তাহ উপলক্ষে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। যোৱা ৩ নবেম্বৰত নিকটৱৰ্তী বৰপথাৰ গাঁৱৰ বাসিন্দাসকলৰ বাবে গাঁওসভা আৰু স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।

Advertisment

উক্ত অনুষ্ঠানত উপ-মহাপ্ৰৱন্ধক ( ভিজিলেন্স) এছ চি মানচে, উপ-মহাপ্ৰৱন্ধক ( নিৰাপত্তা) মুছাকা বড়ো, জ্যেষ্ঠ প্ৰৱন্ধক ( ভিজিলেন্স) আৰ কে গুপ্তা, সহকাৰী প্ৰৱন্ধক( নিৰাপত্তা) ডি কে দাস, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ চিন্ময় দত্ত, ঢালিগাঁও গাঁও পঞ্চায়তৰ সভাপতি মাকন ঘোষকে ধৰি শোধনাগাৰ, জিলা পৰিষদ তথা এন এইচ এমৰ ভালেমান বিষয়া উপস্থিত থাকে।

মানচেই নিজৰ ভাষণত সতৰ্কতা সজাগতা সপ্তাহৰ এই বছৰৰ বাণী 'উন্নত ৰাষ্ট্ৰৰ বাবে দুৰ্নীতি মুক্ত ভাৰত' সম্পৰ্কে ব্যাখ্যা কৰে। দাঁতি-কাষৰীয়া জনসাধাৰণৰ মাজত একতা, সততা আৰু স্বচ্ছতা সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ বাবে শোধনাগাৰ কৰ্তৃপক্ষই বাটৰ নাটো প্ৰদৰ্শন কৰে ।

bongaigaon