Advertisment

বঙাইগাঁও শোধনাগাৰত ই-২০ মুকলি

বঙাইগাঁও শোধনাগাৰৰ এই পদক্ষেপ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় জৈৱ ইন্ধন নীতিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ, যিয়ে ২০২৫ চনৰ এপ্ৰিল মাহৰ ভিতৰত ২০% ইথানল মিশ্ৰিত পেট্ৰ’ল যোগান ধৰাৰ লক্ষ্য ৰাখিছে ।

author-image
Asomiya Pratidin
New Update
qws

ডিজিটেল সংবাদ, চিৰাং:   ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰে (বি জি আৰ) ই-২০ (২০% ইথানল মিশ্ৰিত পেট্ৰল)ৰ উৎপাদন আৰু প্ৰমাণীকৰণ সফলতাৰে সম্পন্ন কৰিছে। যোৱা ২৫ ডিচেম্বৰত বি জি আৰৰ কাৰ্য্যবাহী সঞ্চালক তথা শোধনাগাৰৰ মুৰব্বী এন কে বৰুৱাই মুখ্য মহা-প্ৰৱন্ধক( পি জে) জে জে দাস, মুখ্য মহা-প্ৰৱন্ধক (টি এছ এণ্ড এইচ এছ ই) মিহিৰ সিংঘল‌ আৰু অন্যান্য জ্যেষ্ঠ বিষয়া তথা বিপণনৰ বিষয়াসকলৰ উপস্থিতিত ই-২০ৰ আনুষ্ঠানিকভাবে মুকলি অনুষ্ঠানৰ ফ্লেগ অফ কৰে।

Advertisment

এই সন্দৰ্ভত আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে বঙাইগাঁও শোধনাগাৰৰ এই পদক্ষেপ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় জৈৱ ইন্ধন নীতিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ, যিয়ে ২০২৫ চনৰ এপ্ৰিল মাহৰ ভিতৰত ২০% ইথানল মিশ্ৰিত পেট্ৰ’ল যোগান ধৰাৰ লক্ষ্য ৰাখিছে ।

পেট্ৰ’লৰ সৈতে ইথানলৰ মিশ্ৰণ, বিশেষকৈ পেট্ৰ’লত ২০% ইথানলৰ মিশ্ৰণ, ভাৰতৰ ক্ৰমবৰ্ধমান শক্তিৰ চাহিদা পূৰণৰ বাবে অন্যান্য ৰাষ্ট্ৰৰ পৰা খাৰুৱা তেল আমদানিৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ দিশত এক ডাঙৰ পদক্ষেপ। প্ৰেছ বিজ্ঞপ্তিত লগতে উল্লেখ কৰে ,বঙাইগাঁও শোধনাগাৰৰ এই পদক্ষেপে ইন্ধনৰ ক্ষেত্ৰখনলৈ ব্যাপক পৰিৱৰ্তন আনিব।

বিশেষকৈ পেট্ৰ’লত ২০% ইথানল ব্যৱহাৰ কৰিলে আমদানিকৃত খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব,যিটো দেশৰ দীৰ্ঘম্যাদী শক্তি সুৰক্ষাৰ দিশতো এক পদক্ষেপ। ইথানলৰ উৎপাদন মূলতঃ চুপাৰি, কুঁহিয়াৰ আৰু অন্যান্য জৈৱ-শস্যৰ দৰে কৃষিজাত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল। সেয়ে ইথানলৰ চাহিদা বৃদ্ধি কৰি কৃষক আৰু গ্ৰাম্য জনগোষ্ঠী সমূহে বৰ্ধিত কৃষি উৎপাদন আৰু মূল্য সংযোজিত সুযোগৰ পৰা লাভৱান হয়, অৰ্থনৈতিক বৃদ্ধিৰ উদ্দীপনা যোগায় আৰু গ্ৰাম্য অঞ্চলত অতিৰিক্ত আয়ৰ উৎস প্ৰদান কৰে।

তাৰোপৰি ইথানল দহনে প্ৰচলিত পেট্ৰ’লৰ তুলনাত কাৰ্বন মনোক্সাইড, কণা পদাৰ্থ আৰু অস্বাভাৱিক জৈৱ যৌগ আদি প্ৰদূষক কম উৎপন্ন কৰে। এই নিৰ্গমন হ্ৰাসে প্ৰত্যক্ষভাৱে পৰিষ্কাৰ বায়ুত অৰিহণা যোগায়, জনস্বাস্থ্য উন্নত কৰে আৰু বায়ু প্ৰদূষণৰ ক্ৰমবৰ্ধমান সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় জৈৱ ইন্ধন নীতিৰ সৈতে সংগতি ৰাখি পেট্ৰ’লত ইথানল মিশ্ৰণ বৃদ্ধিৰ বাবে পৰ্যায়ক্ৰমে তলত উল্লেখ কৰা মাইলৰ খুঁটিসমূহ অৰ্জন কৰি অঞ্চলটোত ইথানল মিশ্ৰিত পেট্ৰ’লৰ উৎপাদন আৰু যোগানৰ ক্ষেত্ৰত বি জি আৰে অগ্ৰণী ভূমিকা পালন কৰিছে।

১৩ আগষ্ট' ২০২১ বৰ্ষত টেংক ট্ৰাক লৰী (টি টি এল)ৰ জৰিয়তে প্ৰেৰণ কৰি প্ৰথমবাৰৰ বাবে ইথানল মিশ্ৰিত পেট্ৰল মুকলি, ১৯ জানুৱাৰী' ২০২২ বৰ্ষত ই-১০ (১০% ইথানল মিশ্ৰণৰ সৈতে) মুকলি কৰা হয়, ১৭ ফেব্ৰুৱাৰী' ২০২২ বৰ্ষত প্ৰথমবাৰৰ বাবে ৰেলৱে ৰেকৰ জৰিয়তে ইথানল মিশ্ৰিত পেট্ৰ'ল প্ৰেৰণ, ১৪ এপ্ৰিল' ২০২২ বৰ্ষত ইথানলৰ সম্পূৰ্ণ ৰেক আনলোড কৰিবলৈ উদ্যোগ,১৬ ফেব্ৰুৱাৰী' বৰ্ষত ই-১২ (১২% ইথানল মিশ্ৰণৰ সৈতে) মুকলি কৰা হয়, ৬ মে' ২০২৪ বৰ্ষত ই-১৫ (১৫% ইথানল মিশ্ৰণৰ সৈতে) মুকলি কৰা হয়, ২৫ ডিচেম্বৰ'  ই-২০ (২০% ইথানল মিশ্ৰণৰ সৈতে) মুকলি কৰা হয়।

বঙাইগাঁও শোধনাগাৰ