অনিল কাপুৰেই হ'ব HERO! আহি আছে নায়ক-২

চন ২০০১। এদিনৰ বাবে মুখ্যমন্ত্ৰী হৈ অনিল কাপুৰে সলাই দিছিল ৰাজ্যৰ ৰেহ-ৰূপ। ৰূপালী পৰ্দাৰ এই কাহিনী বাস্তৱ জীৱনকো প্ৰভাৱিত কৰিছিল। এগৰাকী ৰাজনীতিবিদ কেনে হোৱা উচিত, কি কাম কৰিলে জনতাৰ আদৰ লাভ কৰে আদি ভিন্ন দিশ পুংখানুপুংখকৈ তুলি ধৰা হৈছিল নায়ক নামৰ ছবিখনত। এতিয়াও যেতিয়া নিৰ্বাচন হয়, তেতিয়াই এই চিনেমাখন চৰ্চালৈ আহ।

author-image
Asomiya Pratidin
New Update
অনিল কাপুৰেই হ'ব HERO! আহি আছে নায়ক-২

ডিজিটেল ডেস্কঃ চন ২০০১। এদিনৰ বাবে মুখ্যমন্ত্ৰী হৈ অনিল কাপুৰে সলাই দিছিল ৰাজ্যৰ ৰেহ-ৰূপ। ৰূপালী পৰ্দাৰ এই কাহিনী বাস্তৱ জীৱনকো প্ৰভাৱিত কৰিছিল। এগৰাকী ৰাজনীতিবিদ কেনে হোৱা উচিত, কি কাম কৰিলে জনতাৰ আদৰ লাভ কৰে আদি ভিন্ন দিশ পুংখানুপুংখকৈ তুলি ধৰা হৈছিল নায়ক নামৰ ছবিখনত। এতিয়াও যেতিয়া নিৰ্বাচন হয়, তেতিয়াই এই চিনেমাখন চৰ্চালৈ আহ।

Advertisment

অনিল কাপুৰ, ৰাণী মুখাৰ্জী, পৰেশ ৰাৱল আৰু অমৰীশ পুৰীয়ে মুখ্য চৰিত্ৰত অভিময় কৰা এই ছবিখন দেশৰ ছবিজগতত খলকনি তুলিবলৈ সক্ষম হৈছিল। অতিকৈ জনপ্ৰিয় এই ছবিখনৰ দ্বিতীয়টো খণ্ডৰ কথা চিন্তা কৰিছে প্ৰযোজকে। সকলো ঠিকে ঠাকে থাকিলে অচিৰেই ৰূপালী পৰ্দাত মুক্তি লাভ কৰিব নায়ক-২এ।

নায়ক ছবিখনৰ প্ৰযোজক দীপক মুকুটে শেহতীয়াকৈ সদৰি কৰিছে যে, নায়ক-২ৰ কাম অচিৰেই আৰম্ভ কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে। নায়কৰ কাহিনী যত সমাপ্ত হৈছিল, তাৰ পৰাই আৰম্ভ হব নায়ক-২ৰ কাহিনী। নায়কৰ দৰেই নায়ক-২টো মুখ্য চৰিত্ৰত থাকিব অনিল কাপুৰ আৰু ৰাণী মুখাৰ্জী। অৱশ্যে এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰা নাই বুলিও সদৰি কৰে প্ৰযোজকগৰাকীয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, এই ছবিখনে ২০০১চনত বক্স অফিচত ১৪.৯৫কোটি টকা উপাৰ্জন কৰিছিল। সমগ্ৰ বিশ্বতে এই ছবিখনে ১৭কোটিৰো অধিক টকাৰ ব্যৱসায় কৰিছিল।

অনিল কাপুৰ