Bollywood: জনপ্ৰিয় অভিনেতা মুকুল দেৱৰ অকাল মৃত্যু...

অকালতে জীৱন নাট সামৰিলে বলিউদৰ জনপ্ৰিয় অভিনেতা মুকুল দেৱে। মাত্ৰ ৫৪বছৰ বয়সতে অভিনেতাগৰাকীৰ অকাল বিয়োগে সকলোকে মৰ্মাহত কৰিছে। ছন অৱ চৰদাৰ'ৰ দৰে হিট ফিল্মত কাম

author-image
Asomiya Pratidin
New Update
3028fbc1-3c2f-4211-97fa-3c1489a80c3d

ডিজিটেল ডেস্কঃ অকালতে জীৱন নাট সামৰিলে বলিউদৰ জনপ্ৰিয় অভিনেতা মুকুল দেৱে। মাত্ৰ ৫৪বছৰ বয়সতে অভিনেতাগৰাকীৰ অকাল বিয়োগে সকলোকে মৰ্মাহত কৰিছে। ছন অৱ চৰদাৰ'ৰ দৰে হিট ফিল্মত কাম কৰা মুকুল দেৱৰ স্বাস্থ্য বিগত বহুদিনৰে পৰা অৱনতি ঘটিছিল। যাৰ বাবে হস্পাতালত ভৰ্তি হৈ আছিল অভিনেতাগৰাকী। 

Advertisment

আজি পুৱা অভিনেতাগৰাকীৰ মৃত্যু হোৱাৰ খবৰ পৰিয়ালে সদৰি কৰে সংবাদমাধ্যমত। অভিনেতাগৰাকীৰ মৃত্যু হোৱাৰ খবৰ টুইটাৰযোগে সদৰি কৰিছে অভিনেতা বিন্দু দাৰা সিঙেও। উল্লেখ কৰা প্ৰয়োজন যে, বলিউদৰ আহিবলগীয়া ছবি ছন অৱ চৰদাৰ-২তো অভিনয় কৰিছিল মুকুল দেৱে। 

১১৯৬চনত টেলিভিশ্যন চিৰিয়েলৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল মুকুলে। মুমকিন নামৰ হিন্দী চিৰিয়েলখনৰ জৰিয়তে ৰূপালী পৰ্দাত ভূমুকি মাৰিছিল তেওঁ। ১৯৯৬চনত দস্তক নামৰ হিন্দী চিনেমাৰ জৰিয়তে বলিউদত প্ৰৱেশ কৰিছিল মুকুল দেৱে। বহুকেইখন হিন্দী ছবিত তেওঁৰ ব্যতিক্ৰমী অভিনয়ে দৰ্শকৰ মাজত সুকীয়া আসন দখল কৰিছিল মুকুল দেৱে। 

মুম্বাই