জামুগুৰিহাটত ৮১তম বলিদান দিৱস উদযাপনঃ উপস্থিত পদ্ম হাজৰিকা

জামুগুৰিহাটত ৮১তম বলিদান দিৱস উদযাপনঃ উপস্থিত পদ্ম হাজৰিকা

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত ৮১তম বলিদান দিৱস উদযাপনঃ উপস্থিত পদ্ম হাজৰিকা

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধলাইবিল‌ চামধৰা গাঁৱৰ স্বৰ্গীয় কমলা ডুংগানা সমন্বয় ক্ষেত্ৰত দেওবাৰে অসম গোৰ্খা সন্মিলন শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত তথা মধ্য জামুগুৰি শাখাৰ সহযোগত স্বহীদ মেজৰ দূৰ্গা মল্লৰ স্মৃতি ত ৮১ তম বলিদান দিৱস উদযাপন কৰা হয়।

Advertisment

এই উপলক্ষে শ্বহীদ তৰ্পন কাৰ্য্যসূচী মূকলি কৰে দ্বাদশ অসম আৰক্ষী বাহিনীৰ জ্যেষ্ঠ আৰক্ষী বিষয়া অনন্ত কলিতাই ৷ অসম গোৰ্খা সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি গকুল বচনেটৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁত ধৰে শাখা সমিতি খনৰ সম্পাদক দ্ৰোণ শৰ্মাই।

অনুষ্ঠানটিত মুখ্য অতিথিৰ আসন অলংকৃত কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বীৰ শ্বহীদক সুঁৱৰি বক্তব্য দাঙি ধৰে। নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সমাজকৰ্মী ক্ষেমৰাজ চেত্ৰীয়ে অমৰ শ্বহীদ দূৰ্গা মল্লৰ বীৰ গাথাৰ বিষয়ে বিস্তৃত ভাবে বৰ্ণনা কৰে।

অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে অসম গোৰ্খা সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ সম্পাদক ভুৱন শৰ্মা, কাৰ্যকৰী সভাপতি দধীৰাম সুবেদী,শিক্ষক সমাজকৰ্মী মিংকু কলিতা,মহেন্দ্ৰ চেত্ৰী, টুপিয়া পাচ গাঁও একাডেমীৰ অধ্যক্ষ মন্টু বৰাল‌, সমাজকৰ্মী ৰণ বাহাদুৰ বৰালৰ আৰু শাখা সমিতিৰ উপ সভাপতি দেৱ কুমাৰ থাপাই ৷

অঞ্চলটোৰ কেইবা শতাধিক ৰাইজ তথা গণ্য-মান্য ব্যক্তি সকলৰ উপস্থিতিত আয়োজিত অনুষ্ঠানটিত যুৱক-যুৱতী সকলে পৰিবেশন কৰা দেশপ্ৰেম মূলক গীত আৰু নৃত্যই সকলোৰে মন আপ্লুত কৰে।

Also Read: মঙলদৈত খিলঞ্জীয়াক আক্ৰমণকাৰীক গ্ৰেপ্তাৰ

jamugurihat bolidan divos