/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/363d222a-1d3b-4f16-a6a4-fd7c1e3be557/uriamghat_24.jpg)
uriamghat
ডিজিটেল সংবাদ উৰিয়ামঘাটঃ সৰুপথাৰত পুনৰ বাৰ্মিজ চুপাৰী ভৰ্তি বলেৰ পিকআপ গাড়ী জব্দ। সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত শুকুৰবাৰে পুৱতি নিশা নাগালেণ্ডৰ পৰা ৪৬ বেগ বাৰ্মিজ চুপাৰী লৈ আহি থকা AS05 AC 0916 নম্বৰৰ এখন বলেৰ' পিকআপ সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত থকা এটি আৰক্ষীৰ দলে সৰুপথাৰৰ মহল তিনিআলিত জব্দ কৰে।
জানিব পৰা মতে চুপাৰীখিনিৰ বজাৰ মূল্য প্ৰায় ১৫ লক্ষ্যতকৈ বেছি হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। উক্ত চুপাৰীসমূহ নাগালেণ্ডৰ পৰা নগাঁৱলৈ লৈ যাবলৈ আহিছিল। ইতিমধ্যে সৰুপথাৰ আৰক্ষীয়ে চুপাৰীখিনি জব্দ কৰাৰ লগতে উৰিয়ামঘাট চালুকপথাৰ অঞ্চলৰ জহৰ আলি আৰু উৰিয়ামঘাট ৰজাপুখুৰীৰ মমতাজ আলি নামৰ দুজন ব্যক্তিক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত প্ৰায় ৬০০ বেগ বাৰ্মিজ চুপাৰী জব্দ কৰাৰ লগতে বহু কেইজন চুপাৰী ব্যৱসায়ীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল।